অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্য্যদা প্ৰদান কৰাত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলেও ৰাজ্যৰ ৰাজহ বিভাগৰ কেবিনেট মন্ত্ৰী যোগেন মহনে অসম ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰাটো বিচাৰো বুলি কৈ জনজাতিকৰণৰ সপক্ষে ঠিয় দিলে। মন্ত্ৰী গৰাকীয়ে আজি মৰাণত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, মই নিজেই আহোম জনগোষ্ঠীৰ মন্ত্ৰী হিচাপে জনজাতিকৰণ বিচাৰো । চৰকাৰে এই ক্ষেত্ৰত কাম কৰি আছে। যিহেতু জনজাতিকৰণ প্ৰক্ৰিয়াটো কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকে গতিকে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত পূৰ্ণ সহযোগীতা কৰিব বুলিও কয় মন্ত্ৰীজনে। লগতে জনজাতিকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটোত মন্ত্ৰী যোগেন মহনে নিজে উদ্যোগ লম বুলিও আজি সংবাদ মাধ্যমৰ আগত কয় । উল্লেখযোগ্য যে কেন্দ্ৰীয় কেবিনেটে ৫ ৰাজ্যৰ ১২ জনগোষ্ঠীক দিয়া জনজাতিৰ তালিকাত অসমৰ ছয় জনগোষ্ঠীৰ নাম নথকাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দল সংগঠন সমূহে। অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰিছে ৰাজ্য দল-সংগঠন সমূহ। বৃহস্পতিবাৰৰ পৰাই ৰাজ্যৰ বিভিন্ন ঠাইত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ছয় জনগোষ্ঠীৰ নেতৃত্বই। ৰাজ্যৰ ৰাজপথত জ্বলিল দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાવીજેતપુર નગરમાંથી ૧૬ નબીરાઓ જુગાર રમતા ઝડપાયા : જુગાર રમાડનાર ફરાર
પાવીજેતપુર,તા.૩૧
પાવીજેતપુર નજીક નાની રાસલી રોડ...
Lok Sabha Election Phase 5 Voting: Farhan Akhtar ने डाला वोट, लोगों से की मतदान की अपील!
Lok Sabha Election Phase 5 Voting: Farhan Akhtar ने डाला वोट, लोगों से की मतदान की अपील!
स्टालिन के बेटे उदयनिधि तमिलनाडु के डिप्टी CM होंगे:आज राजभवन में शपथ लेंगे; पिछले साल सनातन धर्म को डेंगू-मलेरिया बताया था
तमिलनाडु सरकार के मंत्रिमंडल में शनिवार को फेरबदल किया गया। खेल मंत्री और सीएम एम के स्टालिन के...
নিমনাগড় কোঁৱৰগাওঁত বৃক্ষৰূপন
নিমনাগড় কোঁৱৰগাওঁত বৃক্ষৰূপন। জনপ্ৰিয় গায়ক কুসুম কৈলাশ আৰু প্ৰকৃতি প্ৰেমী অনুপ পাটকাইৰ তত্বাৱধানত...
રાધનપુર માનવ કલ્યાણ વિવિધ લક્ષી વિકાસ મંડળ નવીન ઓફિસનું ઓપનિંગ કરાયું | SatyaNirbhay News Channel
રાધનપુર માનવ કલ્યાણ વિવિધ લક્ષી વિકાસ મંડળ નવીન ઓફિસનું ઓપનિંગ કરાયું | SatyaNirbhay News Channel