অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্য্যদা প্ৰদান কৰাত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলেও ৰাজ্যৰ ৰাজহ বিভাগৰ কেবিনেট মন্ত্ৰী যোগেন মহনে অসম ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰাটো বিচাৰো বুলি কৈ জনজাতিকৰণৰ সপক্ষে ঠিয় দিলে। মন্ত্ৰী গৰাকীয়ে আজি মৰাণত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, মই নিজেই আহোম জনগোষ্ঠীৰ মন্ত্ৰী হিচাপে জনজাতিকৰণ বিচাৰো । চৰকাৰে এই ক্ষেত্ৰত কাম কৰি আছে। যিহেতু জনজাতিকৰণ প্ৰক্ৰিয়াটো কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকে গতিকে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত পূৰ্ণ সহযোগীতা কৰিব বুলিও কয় মন্ত্ৰীজনে। লগতে জনজাতিকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটোত মন্ত্ৰী যোগেন মহনে নিজে উদ্যোগ লম বুলিও আজি সংবাদ মাধ্যমৰ আগত কয় । উল্লেখযোগ্য যে কেন্দ্ৰীয় কেবিনেটে ৫ ৰাজ্যৰ ১২ জনগোষ্ঠীক দিয়া জনজাতিৰ তালিকাত অসমৰ ছয় জনগোষ্ঠীৰ নাম নথকাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দল সংগঠন সমূহে। অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰিছে ৰাজ্য দল-সংগঠন সমূহ। বৃহস্পতিবাৰৰ পৰাই ৰাজ্যৰ বিভিন্ন ঠাইত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ছয় জনগোষ্ঠীৰ নেতৃত্বই। ৰাজ্যৰ ৰাজপথত জ্বলিল দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कांग्रेस सेवा दल द्वारा किया गया ध्वज वंदन एवं ध्वजारोहण
काँग्रेस शेवादल द्वारा किया गया ध्वज वंदन एवं ध्वजारोहण
अखिल भारतीय राष्टीय...
Nifty & Nifty Bank Today: Virendra Kumar से जानें, Nifty-Nifty Bank में किन Levels पर करें खरीदारी
Nifty & Nifty Bank Today: Virendra Kumar से जानें, Nifty-Nifty Bank में किन Levels पर करें...
इन लोगों के लिए जहर समान है गुणों से भरपूर नारियल पानी, भूलकर भी नहीं करनी चाहिए पीने की गलती
बात जब भी हेल्दी ड्रिंक्स की होती है, तो नारियल पानी का नाम सबसे पहले दिमाग में आता है। यह...
ભાવનગર મહુવાના દરિયામાં ઊંચા મોજા ઉછળવાના કારણે ડોલ્ફીનનું બચ્ચુ તણાઈ આવ્યું : Video
biparjoy cyclone : ભાવનગર મહુવાના ઉંચા કોટડાના દરિયામાં ઊંચા મોજા ઉછળવાના કારણે ડોલ્ફીનનું બચ્ચુ...
Bidyut Kr Talukdar, District Agricultural Officer
Today @DIR_VAC_ASSAM trapped red handed Bidyut Kr Talukdar, District Agricultural Officer Darrang...