টংলা, যোৱা দুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে অসমৰ পাঁচ জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবী নস্যাৎ কৰি পাঁচখন ৰাজ্যৰ ১২টা জনগোষ্ঠীক কেবিনেটত জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে। কিন্তু ইয়াৰ সমান্তৰালকৈ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে সমগ্ৰ কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবীক বাৰে বাৰে নসাৎ কৰি জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰতাৰণা কৰাৰ বাবে আজি সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, ওদালগুৰি জিলা কোচ সন্মিলনীয়ে ১৫ নম্বৰ ৰাষ্টয় ঘাই পথত প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ উপসভাপতি নবজিত কোছে শাসনাধিষ্ঠিত বিজেপি চৰকাৰ প্ৰতাৰণাৰ আখ্যা দি এই প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰক সকীয়নি দি আগন্তুক ২০২৪ ত হব লগা লোক সভা নিৰ্বাচনত বিজেপি চৰকাৰক কোচ ৰাজবংশী জনগোষ্ঠীটোৰ লোক সকলে উচিত প্ৰত্যুত্তৰ দিব বুলি হুংকাৰ দি নৰেন্দ্ৰ মোডী, অৰ্জন মুণ্ডা, হিমন্ত বিশ্ব শৰ্মা হাই হাই, ন এচটি ন ৰেষ্ট , বিজেপি চৰকাৰ প্ৰতাৰক, নৰেন্দ্ৰ মোডী গ বেগ আদি শ্লোগানেৰে ওতাল প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে প্ৰতিবাদ কাৰ্যসুচীত অংশ গ্ৰহণ কৰি সদৌ কোঁচ ৰাজবংশী সন্মিলনীৰ সহকাৰী সম্পাদক ব্ৰজ ডেকাই কোচ ৰাজবংশী জনগোষ্ঠীটোক কেবিনেটত অন্তভূৰ্ক্ত নকৰাৰ বাবে তীব্ৰ প্ৰতিবাদ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, অৰ্জন মুণ্ডা আৰু হিমন্ত বিশ্ব শৰ্মাক মিছলীয়া আখ্যা দি অতি শীঘ্ৰে কোচ ৰাজবংশী জনগোষ্ঠীৰটোক জনজাতি কৰন কৰিবলৈ দাবী জনোৱাৰ লগতে দাবী পুৰন নহলে ধৰ্মৰ ভিত্তিত নহয জাতিৰ স্বাৰ্থত বিজেপি চৰকাৰৰ বিৰুদ্ধে ভোট দি প্ৰতাৰক বিজেপি চৰকাৰ খনক ওফৰাই দিয়াৰ হুংকাৰ দিয়ে। ১৫ নম্বৰ ৰাষ্টীয ঘাই পথত গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে -ওদালগুৰি জিলা কোচ ৰাজবংশী মহিলা সন্মিলনীৰ সভানেত্ৰী বিজয়া ডেকা, জিলা কোচ ৰাজবংশী সন্মিলনীৰ সম্পাদক ধৰ্মেশ্বৰ বৰা, উপ সভাপতি সোমেশ্বৰ ডেকা, আৰু ওদালগুৰি জিলা কোচ ৰাজবংশী ছাত্ৰ সভাপতি অৰণ্য ডেকা আদি ছাত্ৰ নেতাই অংশ গ্ৰহণ কৰি উতাল প্ৰতিবাদ সাব্যস্ত কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા માર્કેટયાર્ડમાં ચેરમેનનો ચાર્જ સંભાળ્યો
ઉત્તર ગુજરાતની અગ્રણી સહકારી સંસ્થા ધી ખેતીવાડી ઉત્પન્ન બજાર સમિતિ (એપીએમસી) ડીસાના ચેરમેન અને...
ES ON THE DRAGON – INDIAN ARMY TO CONDUCT SEMINAR ON CHINA
Lt Gen RP Kalita, GOC in C, of Indian Army’s Kolkata based Eastern Command arrived at...
Haryana Elections: सियासी दंगल में Vinesh Phogat, Bajrang Punia की एंट्री, लड़ेंगे चुनाव | Aaj Tak
Haryana Elections: सियासी दंगल में Vinesh Phogat, Bajrang Punia की एंट्री, लड़ेंगे चुनाव | Aaj Tak
તાલુકા પંચાયત ખાતે બાળ સુરક્ષા સમિતિની બેઠક મળી.
ખંભાત તાલુકા પંચાયત ખાતે જિલ્લા બાળ સુરક્ષા એકમ હસ્તકની તાલુકા કક્ષાની બાળ સુરક્ષા સમિતિની...