ভয়াৱহ গৰাখহনীয়াৰ কৱলত ডিব্ৰুগড়ৰ  উপকন্ঠ নগাঘূলী। ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে নগাঘূলী অঞ্চলত । বিগত এসপ্তাহ ধৰি হোৱা খহনীয়াত বৰলুইতৰ বুকুত জাহ গৈছে প্ৰায় পাঁচশ মিটাৰৰো অধিক ভূমি। নগাঘূলীৰ পৰা মথলাললৈকে প্ৰায় তিনি কিলোমিটাৰ অঞ্চলত বৰলুইতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বৰলুইতৰ খহনীয়াই বিপদ মাতিছে ডিব্ৰুগড় বিমান বন্দৰ আৰু ঐতিহ্যমণ্ডিত অসম চিকিৎসা মহাবিদ্যালয়লৈ।

আনকি ভাৰত চৰকাৰৰ ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণৰ নগাঘূলিৰ টাৰ্মিনেল লোকেশ্যনো ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ পথত। কেন্দ্ৰীয় চৰকাৰৰ জাহাজ, বন্দৰ আৰু জলপৰিবহন মন্ত্ৰালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গৃহ জিলাৰ গুৰুত্বপূৰ্ণ নৱনিৰ্মিত প্ৰকল্পলৈ নামি অহা সংকটৰ পিছতো বিভাগীয় মুৰব্বীসকল নিৰ্বিকাৰ হৈ আছে। এইক্ষেত্ৰত স্থানীয় লোকে শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় লোকে দাবী জনাইছে।