নুমলীগড়ৰ সমীপৰ দৈগ্ৰোং নাট্য মন্দিৰৰ প্ৰাংগণত গুৰুজনাৰ অমূল্য সৃষ্টি ৰাজিৰ মহিলা ভাওনা প্ৰদৰ্শন।

পুৰুষৰ সমানে সমাজখনৰ প্ৰত্যেকটো দিশতে আগবাঢ়ি গৈছে মহিলাসকল। নুমলীগড়ৰ সমীপৰ দৈগ্ৰোং নাট্য মন্দিৰৰ প্ৰাংগণত গুৰুজনাৰ অমূল্য সৃষ্টি ৰাজিৰ মহিলা ভাওনা প্ৰদৰ্শন। শ শ দর্শকৰ মাজত বলিষ্ঠ অভিনয়েৰে প্ৰদৰ্শন কৰিলে "দানবীৰ ৰজা হৰিশ্চন্দ্ৰ উপাখ্যান"।নুমলীগড়ৰ দৈগ্ৰোংৰ দৃশ্য এয়া । এইসকল মহিলা আজি ব্যতিক্ৰম। মহিলাৰ কন্ঠই আজি সুকীয়া । কোনোগৰাকীৰ মুখত দাম্ভিক কথা । কোনো গৰাকীৰ লয়লাসেই সুকীয়া । সাজু হৈছে এক অনন্য ৰূপত । আচলতে দৈগ্ৰোং নাট্য মন্দিৰত বিশ্বকৰ্মা পূজা উপলক্ষ্যে এওলোকে আয়োজন কৰিছে এখন মহিলাৰ ভাওনা । । মুঠ ১৬ গৰাকী মহিলাই অভিনয় কৰিছে এইখন ভাওনাত। স্থানীয় এইসকল মহিলাৰ এনে কামে সকলোকে আকৰ্ষণ কৰিছে