বোকাখাত বিধানসভা সমষ্টিৰ পানবাৰীত নুমলীগড় ৰিফাইনেৰী লিমিটেডে নিৰ্মাণ কৰি উলিওৱা এটা "শীতলী ভৰাল গৃহ" শুভ উদ্বোধন কৰে কৃষি মন্ত্ৰী অতুল বৰাই।

 কৃষক ৰাইজৰ কল্যাণৰ বাবে লোৱা নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ

এই পদক্ষেপক শলাগ লোৱাৰ লগতে

ৰিফাইনেৰীটোৰ কতৃপক্ষক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী বৰাই।

     আজিৰ এই শুভাৰম্ভণি অনুষ্ঠানত গোলাঘাটৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ, নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকন, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ মুখ্য মহাপ্ৰবন্ধক কাজল শইকীয়া, মহাপ্ৰবন্ধক শ্ৰী মিণ্টু সন্দিকৈ আৰু এন আৰ এলৰ অন্যান্য বিষয়াসকল, জিলা গ্ৰাম্য উন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, গোলাঘাট জিলা পৰিষদৰ অধ্যক্ষ এলিনা পেগু দলে, বোকাখাতৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, ভাৰতীয় জনতা পাৰ্টীৰ জীৱেশ্বৰ হাজৰিকা, অগপৰ উৎপল বৰদলৈ প্ৰমুখ্যে জিলা আৰু মহকুমা প্ৰশাসনৰ বিষয়াসকল, নিমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকল, সংশ্লিষ্ট বিভাগৰ বিষয়াসকল, পঞ্চায়ত প্ৰতিনিধিসকল, বিজেপি, অগপৰ কৰ্মকৰ্তাসকল, আত্মসহায়ক গোটৰ সদস্য আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।