মুম্বাইৰ মালাডৰ পৰা আহিছে এক অত্যন্ত দুখজনক খবৰ। বিদ্যালয়ৰ লিফ্টত আৱদ্ধ হৈ এগৰাকী ২৬ বছৰীয়া শিক্ষয়ত্ৰীৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি, শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।
খবৰ পোৱাৰ পিছতে ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হৈ আঘাতপ্ৰাপ্ত অৱস্থাত শিক্ষয়ত্ৰীগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসালয়ত তেওঁৰ মৃত্যু ঘটে।
আৰক্ষীয়ে নিহত শিক্ষয়িত্ৰীগৰাকীক জেনেল ফাৰ্নাণ্ডেছ বুলি চিনাক্ত কৰিছে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ উপৰি সমগ্ৰ বিষয়টো আৰক্ষীৰ দলে তদন্ত কৰি আছে।