প্ৰাকৃতিক দুৰ্যোগত প্ৰাণ হেৰুৱা চৰাইদেউ জিলাৰ ১৭ গৰাকী লোকৰ এককালীন আৰ্থিক সাহায্য প্ৰদান
অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে আজি চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত প্ৰাকৃতিক দুৰ্যোগত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালক এককালীন আৰ্থিক সাহায্য প্ৰদান কৰে। এই উপলক্ষে চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত আৰ্থিক সাহায্য বিতৰণ সভাত প্ৰাকৃতিক দুৰ্যোগৰ ফলত প্ৰাণ হেৰুৱা ১৭ গৰাকী লোকৰ নিকটাত্মীয়ক এককালীন আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে বহুকেইগৰাকী ভুমিহীন লোকক মাটিৰ পট্টা বিতৰণ কৰে। উক্ত সভাত মন্ত্ৰীজনৰ লগত চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱাৰ লগতে অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমান, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, জিলিখনৰ আটাইকেইটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ লগতে বহুকেইজন বিষয়া উপস্থিত থাকে৷
উল্লেখ্য যে, মন্ত্ৰী গৰাকীয়ে এই অনুষ্ঠানটোৰ পূর্বে উপায়ুক্ত পল বৰুৱা আৰু অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানৰ উপস্থিতিত উপায়ুক্ত কাৰ্যালয়ৰ নৱ-নিৰ্মিত ৰেকৰ্ড ৰুমৰ শুভ উদ্বোধনী কৰে।