মৰঙীৰ কৌৱানী কয়াবস্তিত অমৃত সৰোবৰ আচঁনিৰ শুভাৰম্ভ।ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনটোত মৰঙীত চাৰিটাকৈ অমৃত সৰোবৰ আচঁনিৰ শুভাৰম্ভ।

আজি গোলাঘাট জিলাৰ মৰঙী উন্নয়ন খণ্ডৰ অন্তৰ্গত ফলঙনি পঞ্চায়তত অমৃত সৰোবৰ আঁচনিৰ শুভাৰম্ভ কৰে। কৌৱানী পাহাৰ লাইনৰ কয়াবষ্টিত শুভাৰম্ভ কৰে আমৃত সৰোবৰ আঁচনিৰ কাম। ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনত গোলাঘাট জিলাৰ মৰঙী মৌজাৰ কৌৱানী পাহাৰ লাইনৰ কয়াবষ্টিত এঘাৰ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান হ'বলগীয়া অমৃত সৰোবৰৰ শুভাৰম্ভ কৰে। মৰঙী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নিপজ্যোতি পাটিৰে শুভাৰম্ভ কৰে অমৃত সৰোবৰৰ কাম। আজি মৰঙী মৌজাৰ মুঠ চাৰিটাকৈ অমৃত সৰোবৰ শুভাৰম্ভ কৰে বিষয়া গৰাকীয়ে। উক্ত অনুষ্ঠানত ফলঙনী গাওঁ পঞ্চায়তৰ সভাপতি কন্দৰ্প গগৈ, আঞ্চলিক সদস্যা ৰূপজ্যোতি দত্ত,বিজেপি কৃষক মৰ্চাৰ মৰঙী মণ্ডলৰ সভানেত্ৰী লিপিকা বৰা উপস্থিত থাকে।