নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত দ্ৰোপাং বজাৰত নিশা সংঘটিত হ’ল এক চুৰি কান্ড ৷ JC construction নামৰ নিৰ্মাণকাৰী সংস্থাটোৰ তত্বাবধানত আধুনিক ৰূপত নিৰ্মাণ চলি থকা বজাৰ ঘৰৰ নিৰ্মাণ সামগ্ৰী চুৰি কৰি জালত পৰিল দুই গভাইত চোৰ ৷ যোৱা কেইবাদিনো ধৰি বজাৰৰ নিৰ্মাণ সামগ্ৰী সমূহ ৰাখি থোৱা গুদাম ঘৰৰ পৰা কমি যোৱাত চকু পৰিছিল স্থানীয় ৰাইজৰ ৷ যাৰবাবে স্থানীয় ৰাইজে গোপনে আৰম্ভ কৰিছিল তদন্তত ধৰা পৰিল চুৰিকাৰ্য ৷ বজাৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত চোৱা চিতা কৰা গগৈ(মহৰী) নামৰ লোক জনৰ তত্বাবধানতেই নিতৌ সংঘটিত হৈছিল এই চুৰি কাণ্ড ৷ গগৈ (মহৰী) লগত সহযোগ কৰে নীৰ্মল দুৱৰা অজিৎ দুৱৰা নামৰ দুজন লোকে ৷ যোৱা নিশা .AS07BCAA68 নম্বৰ গাড়ী খনত লোহাৰকে ধৰি বিভিন্ন বস্তু লৈ যাব লওঁতেই ৰাইজে ধৰিলে দুটা চোৰ ৷ পলাই সাৰিল মহৰিটো ৷ চোৰ দুটাৰ লগতে লোহাৰ সামগ্ৰী ভৰ্তি গাড়ী শিমলুগুৰি আৰক্ষী চকী ক স্থানীয় ৰাইজে গতাই দিয়ে
উল্লেখ্য যে বিশ্ববেংক পুঁজি (APART) ৰ অধীনত নতুন ৰূপত নিৰ্মাণ হৈ আছিল অসম অৰুণাচলৰ সীমান্ত নাৰায়ণপুৰৰ দ্ৰুপাং ৰ এই বজাৰ খন ৷