শ্ৰীৰাম ভকতিদুৱাৰ আঞ্চলিক ধৰ্মালোচনী সভাৰ সৌজন্যত ৰাঙলীবাহাৰত শংকৰদেৱৰ আৰ্বিভাৱ তাথিৰ আয়োজন : ভাগৱত বাখ্যাৰ আয়োজন 

------------------+------------++------------

 : জগতগুৰু শ্ৰীমন্তশঙ্কৰদেৱৰ ৫৭৪ সংখ্যক আৰ্বিভাৱ তিথি উজনি মাজুলীৰ ধৰ্মীয় অনুষ্ঠান শ্ৰীৰাম আঞ্চলিক ধৰ্মালোচনী সভাৰ আৰু ৰাঙলীবাহাৰ গাঁৱৰ সহযোগত নামনি ৰাঙলীবাহাৰ নামঘৰত আয়োজন কৰা হৈছে ৷ ১৬,১৭ আৰু ১৮ আহিন ত ( ৩,৪,৫ নৱেম্বৰত ) বিশাল আয়োজনেৰে তিনিদিনীয়াকৈ আয়োজন হোৱা আৰ্বিভাৱ তিথিৰ সম্পৰ্কে আলোচনা কৰাৰ মানসেৰে আজি ৰাঙলীবাহাৰ প্ৰথমিক বিদ্যালয়ত এখন যুটীয়া সভা অনুষ্ঠিত হয় ৷ বিশিষ্ট সমাজ কৰ্মী তথা অৱসৰ প্ৰাপ্ত শিক্ষাগুৰু গনেশ ৰাজখোৱাই সভাপতিত্ব ককা সভাখনত ধৰ্মালোচনী সভাৰ সম্পাদক কেশৱ ৰাজখোৱাই সভাৰ উদেশ্য বাখ্য কৰে। সভাখনত ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ দুৰ্গেশ্বৰ শইকীয়া , সুভেট চন্দ্ৰ ঘোষ ,শিক্ষক যোগেন হাজৰিকা , অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক দ্বীপেন কলিতা , শিক্ষক বিপুল মহন্ত , সমাজ কৰ্মী নৱজ্যোতি মহন্ত , আনন্দ খাউণ্ড , ধীৰেন দেউৰী , বিশ্ব বৰা , প্ৰভাত বৈৰাগী , সাংবাদিক প্ৰাঞ্জল খাউণ্ডকে প্ৰমুখ্যে কৰি বহু জনে এই অনুষ্ঠান ভাগী অনুষ্ঠিত কৰাৰ সম্পৰ্কে আলোকপাত কৰে। আজিৰ সভাই তিনিদিনীয়া কাৰ্যসূচীৰ ভিৰতৰ প্ৰথম দিনা ৩ নৱেম্বৰত দুটা শাখাত বৰগীত প্ৰতিযোগিতা অনুষ্ঠিত হব ৷ প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠলৈ 'ক' শাখা আৰু সপ্তমৰ পৰা ওপৰৰ শ্ৰেণীৰ ছাত্ৰছাত্ৰীৰ মাজত দ্বিতীয় শাখা হিচাপে লৈ বৰগীত প্ৰতিযোগিতা অনুষ্ঠিত হব। এই একেটা দিনতে মাজুলীৰ ভিতৰৰ মহিলা দিহানামৰ দলৰ মাজত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হব ৷ বিজয়ী প্ৰতিযোগীক নগদ ধনেৰে পুৰস্কিত কৰা হব বুলি উদযাপন সমিতিৰ সম্পাদক বিকাশ দাসে আমাক জানিবলৈ দিয়ে ৷ ইফালে দ্বিতীয় আৰু তৃতীয় দিনা অৰ্থাা ৪ আৰু ৫ নৱেম্বৰত মুল কাৰ্যসূচী গুৰুজনাৰ মহান অৱদান ভাগৱত বাখ্যৰ কাৰ্যসূচী দুদিনীয়াকৈ অনুষ্ঠিত হব ৷ অঞ্চলৰ বহু কেইজন আধ্যাত্মিক চিন্তকে এই ভাগৱত বাখ্যত অংশগ্ৰহণ কৰিব ৷ তৃতীয় দিনা নিশালৈ ৰাঙলীবাহাৰ গাঁৱৰ যুৱক বৃন্দই 'বিপ্ৰ দামোদৰ' ভাঁওনা ভাগী পৰ্দশিত কৰিব বুলি জানিব পৰা গৈছে ৷