মঙ্গলদৈ জিলা কাৰাগাৰৰ হাজোতী চাহেদ আলিৰ (৪০) মৃত্যু। দুদিন ধৰি জ্বৰত ভুগি আছিল ছাহেদ আলি। মঙ্গলবাৰে হঠাতে অসুস্থ হোৱাত জেল কৰ্তৃপক্ষ আৰু ডাক্তৰৰ সহযোগত মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসালয়তে মৃত্যু হয় ছাহেদ আলিৰ। জানিব পৰা মতে ছাহেদ আলি  2017 চনৰ পৰা মঙ্গলদৈ জিলা কাৰাগাৰত  হত্যা কাণ্ড গোচৰত অভিযুক্ত হৈ আছিল।

ছাহেদৰ মৃতদেহ মৰোন্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়ত ৰখা হৈছে।

মৰণোত্তৰ পৰীক্ষাৰ পিছত হে জানিব পৰা যাব মৃত্যুৰ কাৰণ। 

ছাহেদ আলিৰ ঘৰ দৰং জিলাৰ দলগাওৰ 3 নম্বৰ বৰুৱাঝাৰত।