তিনিচুকীয়াৰ জিলা পৰিষদৰ কাৰ্য্যালয়ৰ সভাকক্ষত জল জীৱন মিছনৰ ওপৰত এদিনীয়া কৰ্মশালা অনুস্থিত হৈ যায় ।

অসম চৰকাৰৰ নিৰ্দেশনা মৰ্মে তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে আয়োজন কৰা কৰ্মশালা খনি উদ্বোধন কৰে জিলা পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ কৈৰীয়ে ।

উক্ত কৰ্মশালাখনত উপস্থিত থাকি তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্ত শ্ৰী চাৰফ্ৰাজ হকে উপস্থিত সকলোকে জল জীৱন মিছনৰ সফল ৰূপায়ণৰ বাবে নিস্বাৰ্থ ভাৱে কাম কৰিবলৈ আহ্বান জনায় ।