শনিবাৰে ঘিলামৰা স্থিত ই-লাইব্ৰেৰি প্ৰেক্ষাগৃহত

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক পদ্মলোচন দলেৰ উপস্থিতিত অনুষ্ঠিত হোৱা বৃহৎ যোগদান কাৰ্যসূচীত মহকুমাটোৰ কেইবাখনো মহাবিদ্যালয়ৰ প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে আনুষ্ঠানিক ভাৱে এন. এছ. ইউ. আই.ত যোগদান কৰে ।

মহকুমাটোৰ আগশাৰীৰ কেইবাখনো মহাবিদ্যালয়- নৰ্থ বেঙ্ক মহাবিদ্যালয়, হাৰ্হি মহাবিদ্যালয়, ঢকুৱাখনা মহাবিদ্যালয় শ শ ছাত্ৰ-ছাত্ৰী ভাৰতীয় জাতীয় কংগ্ৰেছৰ ছাত্র সংগঠন এন. এছ. ইউ. আই.ত যোগদান কৰি যথেষ্ট উৎসাহিত হৈ পৰা দেখা যায় ।

এই যোগদান কাৰ্যসূচীত অসম প্ৰদেশ কংগ্রেছ কমিটিৰ সাধাৰণ সম্পাদক পদ্মলোচন দলে সহ উপস্থিত থাকে ঘিলামৰা ব্লক কংগ্রেছ কমিটিৰ সভাপতি আৰু অসম প্ৰদেশ কংগ্রেছ কমিটিৰ অ. বি. চি. কোষৰ প্ৰশাসনিক সম্পাদক

সুভাষ দিহিঙ্গীয়া, জিলা এন. এছ. ইউ. আই.ৰ সভাপতি দিবাকৰ গগৈকে ধৰি ঘিলামৰা ব্লক কংগ্রেছ কমিটিৰ ভালে কেইজন নেতা কৰ্মী ।