অভাৱনীয় হাৰত বৃদ্ধি পাই আছে গৌতম আদানীৰ সম্পত্তি। ভাৰতীয় কোটিপতি আদানী এতিয়া বিশ্বৰ দ্বিতীয় ধনাঢ্য ব্যক্তি হিচাপে পৰিগণিত হৈছে। ফৰ্বছে প্ৰকাশ কৰিছে এই তথ্য।

আদানীয়ে আমাজনৰ মুৰব্বী জেফ বেজোছ আৰু লুইছ ভিট্টনৰ বাৰ্নাৰ্ড আৰ্ন’ল্টক অতিক্ৰম কৰি এই কৃতিত্ব অৰ্জন কৰে। বৰ্তমান তেওঁৰ মুঠ সম্পত্তি ১৫৪.৭ বিলিয়ন ডলাৰ।

২৭৩.৫ বিলিয়ন সম্পত্তিৰে টেছলা আৰু স্পেচএক্সৰ প্ৰতিষ্ঠাপক এলন মাস্ক প্ৰথম স্থানতে অধিষ্ঠিত হৈ আছে।

উল্লেখ্য যে যোৱা মাহৰ আৰম্ভণিতে আদানিয়ে আৰ্ন’ল্টক অতিক্ৰম কৰি তৃতীয় স্থান দখল কৰিছিল যদিও মাস্ক আৰু বেজ’ছৰ পিছত আছিল।

ইফালে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী অষ্টম স্থানত আছে আৰু তেওঁৰ সম্পত্তি ৯২ বিলিয়ন ডলাৰ।

উল্লেখ্য যে শেহতীয়াভাৱে আদানী গ্রুপৰ কোম্পানীসমূহৰ পুঁজি বজাৰত শ্বেয়াৰৰ মূল্য যথেষ্ট বৃদ্ধি পোৱাৰ ফলত আদানীয়ে ধনাঢ্য ব্যক্তিৰ তালিকাত আগস্থান লাভ কৰিবলৈ সফল হৈছে।