সমগ্ৰ ৰাজ্যত চৰকাৰে বিশুদ্ধ খোৱা পানীৰ বাবে ৰূপায়ন কৰিছে জলজীৱন মিচন নামেৰে এক অভিলাষী আঁচনি। যি আঁচনিৰ জৰিয়তে চুকে কোনে চুবুৰীয়ে চুবুৰীয়ে ৰাইজৰ বাবে যোগান ধৰিব বিশুদ্ধ খোৱাপানী । গোলাঘাট জিলাতো ক্ষীপ্ৰতাৰে জল জীৱন মিছনৰ কাম ছলিছে। গোলাঘাট জিলাৰ চুকে কোনে চুবুৰীয়ে চুবুৰীয়ে জল জীৱন মিছনৰ কাম আৰম্ভ হৈছে। কোনো ঠাইত সম্পূৰ্ণ হৈছে। কোনো ঠাইত চলি আছে আঁচনিৰ কাম। মৰঙী মৌজাৰ ভিন্ন ঠাইতো চলি আছে এই কাম।মৰঙী মৌজাৰ মুৰফুলনীত চলি আছে আঁচনিৰ কাম। আজি মৰঙী মৌজাৰ মুৰফুলনীত ফুলবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত দখৰা পথাৰ গাঁৱত অনুষ্ঠিত হোৱা গাঁও সভাত দখৰা পথাৰ পানী যোগান আঁচনিৰ পৰিচলনা সমিতি গঠন কৰে।
মৰঙী মৌজাৰ মুৰফুলনীত ফুলবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত দখৰা পথাৰ গাঁৱত অনুষ্ঠিত হোৱা গাঁও সভাত দখৰা পথাৰ পানী যোগান আঁচনিৰ পৰিচলনা সমিতি গঠন কৰে।

