আজিৰ খবৰ, গুৱাহাটী , ৩১ জুলাই, ২০২২ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে প্ৰাগজ্যোতিষপুৰ সাহিত্য সভা আৰু ৰূপালীম সাহিত্য সমাজৰ যুটীয়া উদ্যোগত , গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহযোগত আয়োজন কৰা বছৰযোৰা বক্তৃতানুষ্ঠানৰ চতুৰ্থলানি প্ৰয়াত দ্বীপেন্দ্ৰ নাথ শৰ্মা স্মাৰক বক্তৃতা আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় । আনহাতে "অসমত বিজ্ঞান গৱেষণাৰ ক্রমবিকাশ আৰু গুৱাহাটী বিশ্ববিদ্যালয়" শীৰ্ষক বক্তৃতানুষ্ঠানটো উদ্ধোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৈৱ প্ৰযুক্তি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ সোণেশ্বৰ শৰ্মাই । আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ অধ্যাপক ডঃ প্ৰশান্ত শৰ্মাই আঁত ধৰা অনুষ্ঠানটো উদ্ধোধন কৰি ডঃ সোণেশ্বৰ শৰ্মাই চমু ভাষণত গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তীত এনে ধৰণৰ সময়োপযোগী বক্তৃতানুষ্ঠানৰ আয়োজন কৰা বাবে উদ্যোক্তা সকলৰ শলাগ লয় । আনহাতে অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ মূল বক্তৃতা প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ পৰিমল ভট্টাচাৰ্যই । ডঃ ভট্টাচাৰ্যই ভাষণত বক্তৃতানুষ্ঠানৰ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি কয় গৱেষণা বিষয়টো ইমান সহজ নহয় । অৱশ্যে আগতকৈ বৰ্তমান গৱেষণা কাৰ্য বহুখিনী সৰল হৈছে । আমাৰ দিনত যিটো কাম কৰোতে ছয়মাহ লাগিছিল ,এতিয়া উন্নত প্ৰযুক্তিৰ দিনত ছয়দিনতে কৰিব পৰা হৈছে । উন্নত প্ৰযুক্তি , যন্ত্ৰপাতিৰ বাবে এতিয়া আগতকৈ গৱেষণা কার্য নির্ভুল , ক্ষিপ্ৰতাৰে কৰিব পৰা হৈছে । আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়েও বিগত সময়চোৱাত তুলনামূলকভাৱে ধনৰ অভাৱ , আন্তঃগাঁথনিৰ অভাৱ স্বত্তেও গৱেষণা কার্য চলাই নিব পাৰিছে বুলি ডঃ পৰিমল ভট্টাচাৰ্যই সদৰি কৰে । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যন্ত্ৰ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ দেৱশীষ শইকীয়াই গৱেষণা কাৰ্যত লাভ কৰা অভিজ্ঞতাৰ চমুকৈ আলোকপাত কৰে । আনহাতে প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ উপ সভাপতি জিতুমণি শৰ্মাই সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত প্ৰয়াত দ্বীপেন্দ্ৰ নাথ শৰ্মাৰ জীয়ৰী তথা গুৱাহাটীৰ তাৰিণী চৰণ চৌধুৰী বালিকা বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা জ্যোস্না দেৱী ভাগৱতীকে ধৰি পৰিয়ালৰ কেবাজনো সদস্য , প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ সাধাৰণ সম্পাদক ডঃ সিদ্ধাৰ্থ নয়ন শৰ্মা , জালুকবাৰী লেখিকা সমাৰোহৰ প্ৰচাৰ সম্পাদিকা মণিৰূপা মিশ্ৰকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে । অনুষ্ঠানত প্ৰকৃতি দেৱীয়ে সৰস্বতী বন্দনা পৰিবেশন কৰে । শেষত শলাগৰ শৰাই আগবঢ়াই গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ গৌৰ গোপাল বণিকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Gujarat Flood News: गुजरात में बारिश ने मचाया तांडव, Vadodara में हर तरफ भरा पानी | Aaj Tak
Gujarat Flood News: गुजरात में बारिश ने मचाया तांडव, Vadodara में हर तरफ भरा पानी | Aaj Tak
শিমলুগুৰি পঞ্চায়তত স্বাধীনতা দিৱস উদ্যাপন
নাৰায়ণপুৰ উন্নয়ণ খন্ডৰ অন্তৰ্গত শিমলুগুৰি গাঁও পঞ্চায়তত আজি আড়ম্বৰতাৰে উদ্যাপন কৰা হয় দেশৰ...
ગાંધીનગર મહાનગરપાલિકાનું શહેરી વિકાસ માટે વિઝન દર્શાવતી પુસ્તિકાનું વિમોચન
ગાંધીનગર મહાનગરપાલિકાનું શહેરી વિકાસ માટે વિઝન દર્શાવતી પુસ્તિકાનું વિમોચન
રાજ્યોમાં તુફાની વરસાદમાં થનાર સૂત્રો દ્વારા મળેલ નુકસાનની માહિતી, કોઈ જાનહાની નહિ, live post update
રાજ્યોમાં તુફાની વરસાદમાં થનાર સૂત્રો દ્વારા મળેલ નુકસાનની માહિતી, કોઈ જાનહાની નહિ, live post update
RR KABEL Business Outlook | 112% बढ़ा मुनाफा, Income में भी बढ़त, कंपनी करेगी बड़ा निवेश? | News
RR KABEL Business Outlook | 112% बढ़ा मुनाफा, Income में भी बढ़त, कंपनी करेगी बड़ा निवेश? | News