সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে মাজুলী জিলাতো ৭৬ তম স্বাধীনতা দিৱস গড়মূৰস্থিত কাছাৰী ময়দানত কেন্দ্ৰীয় ভাৱে জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হয়। পুৱা ৫ বজাৰ পৰা ৬ বজালৈ তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা দেশপ্ৰেম মূলক গীত মাত পৰিবেশনৰ দ্বাৰা দিনটোৰ কাৰ্য্যসূচী আৰম্ভ হয়।এই উপলক্ষে পুৱা ৯ বজাত কছাৰী ময়দানত ৰাষ্ট্ৰীয় পতাকা আনুষ্ঠানিক ভাৱে উত্তোলন কৰে জিলা উপায়ুক্ত শ্ৰী যুত পুলক মহন্ত দেৱে। ইয়াৰ পাছতে জিলা উপায়ুক্ত মহোদয়ে আৰক্ষী বাহিনী তথা কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ,এন চি চি,স্কাউত গাইডৰ দ্বাৰা প্ৰদৰ্শিত কুছ কাৱাজৰ অভিবাদন গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে উপায়ুক্ত গৰাকীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন ও পুষ্পাঞ্জলী অৰ্পণ কৰে। পতাকা উত্তোলনৰ পিছত ভাষণ প্ৰসংগত উপায়ুক্ত গৰাকীয়ে দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ বীৰাংগনা,শ্বহীদ সকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাই উপস্থিত ৰাইজৰ ওচৰত জিলাখনৰ উন্নয়নৰ এক খতিয়ান দাঙি ধৰে আৰু সভাত উপস্থিত মুক্তিযোদ্ধাসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। আজিৰ সভাখনত মাননীয় বিধায়ক শ্ৰীযুত ভূৱন গাম ডাঙৰীয়া, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য মহোদয়, জিলা ও সত্ৰ ন্যায়াধীশ মহোদয়কে প্ৰমূখ্য কৰি ন্যায়িক বিষয়াসকল তথা জিলা প্ৰশাসন আৰু অন্যান্য বিভাগসমূহৰ উচ্চপদস্থ বিষয়াসকল আৰু জিলাখনৰ গণ্য মান্য ব্যক্তিসকল মূখ্যতঃ উপস্থিত থাকে।

 দুপৰীয়া মাজুলী জিলাৰ বণিক সন্থাৰ সহযোগত কমলাবাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰ, শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী জিলা চিকিৎসালয়, জেংৰাইমুখ আদৰ্শ চিকিৎসালয়ত আৰু জিলা কাৰাগাৰৰ কাৰাবন্দী সকলৰ মাজত ফল মূল বিতৰণ কৰা হয়। বিয়লি মাজুলী জিলা প্ৰশাসন ও জিলা ও সত্ৰ ন্যায়াধীশৰ কাৰ্য্যালয়ৰ মাজত এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত কৰা হ'ব আৰু সন্ধিয়া কছাৰী ময়দানত বন্তি প্ৰজ্বলনৰ এটা কাৰ্যসূচী ৰূপায়ন কৰা হ'ব।