মৰাণত ছয় জনগোষ্ঠী ঐক্য মঞ্চৰ জৰুৰী কাৰ্যনিৰ্বাহক সভা । সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
১) ২২ চেপ্তেম্বৰ তাৰিখে দিছপুৰত বিধানসভা ঘেৰাও কাৰ্য্যসূচী।
২) ২৬ চেপ্তেম্বৰ তাৰিখে ২৪ ঘণ্টীয়া অসম বন্ধ ঘোষণা।

৩) ৯ অক্টোবৰত সমগ্ৰ অসমত অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী।
৪) ১৫ অক্টোবৰত উত্তৰ অসমৰ লক্ষীমপুৰ,ধেমাজি সামৰি গোগামুখত বিশাল গণ সমাৱেশ।
৫) ১৫ নৱেম্বৰত দিল্লীত ছয় জনগোষ্ঠীৰ গণ বিক্ষোভ কাৰ্য্যসূচী।
৬) দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিৱস লৈকে ধাৰাবাহিক ভাৱে কলা দিৱস পালন।
ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত বৃহস্পতিবাৰৰ পৰা ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। দেশৰ বাৰটা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰাৰ বিপৰীতে অসমৰ ছটা জনগোষ্ঠী টাই আহোম, মৰাণ, মটক, চুতীয়া, কোচঁৰাজবংসী আৰু আদিবাসী সকলক জনজাতিকৰণৰ মৰ্যদা প্ৰদান নকৰাত বৃহস্পতিবাৰৰ পৰা ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। আজি মৰাণত অনুষ্ঠিত হ'ল ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ জৰুৰী কাৰ্যনিৰ্বাহক সভা। সভাত উপস্থিত থাকে আটাছুৰ সভাপতি লিতুল বুঢ়াগোহাঁই, কাৰ্যকৰী সভাপতি বসন্ত গগৈ, মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণ, সম্পাদক দেৱকান্ত মৰাণ, মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি ৰঞ্জিত গোহাঁই, সম্পাদক স্বৰূপ গোহাঁই, চুতীয়া যুৱ সন্মিলনৰ সম্পাদক নিপেন খনিকৰ, সদৌ কোঁচৰাজবংসী ছাত্ৰ সন্থাৰ সম্পাদক হেমন্ত বৰা কোঁচ আৰু সদৌ চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গোৱালা, সম্পাদক জগদীশ বৰাইক ৰ লগতে উক্ত ছয়টা সংগঠন বহু বিষয়ববীয়া আৰু সদস্য ।