চৰাইদেউৰ সাপেখাতিত ভয়ংকৰ অগ্নিকাণ্ড

চৰাইদেউৰ সাপেখাতীৰ পশ্চিম বালিখেতিয়াত সংঘটিত হ'ল ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত নিমিষতে সম্পূৰ্ণৰূপে ভস্মীভূত হয় দিব্যজ্যোতি শইকীয়াৰ বাসগৃহটো ৷ বাসগৃহৰ উপৰিও এখন স্কুটি আৰু বাইচাইকেল সহ বাসগৃহটোত থকা বহুতো আচঁ - বাৱৰ লগতে বিভিন্ন নথি পত্ৰ ভস্মীভূত হয় ৷ অগ্নিকাণ্ডৰ ফলত প্ৰায় ৮ লক্ষ্যাধিক টকাৰ সা সম্পত্তি ভস্মীভূত । শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ ৷ স্থানীয় ৰাইজৰ  আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎতপৰাত ৰক্ষা পৰে সমীপতে থকা বহু কেইটা পৰিয়াল।

মৃদুল নিবিড় বৰগোঁহাই চৰাইদেউ।। ৷