কেন্দ্ৰীয় চৰকাৰে ভাৰতবৰ্ষৰ পাঁচখন ৰাজ্যৰ ১৫ টা নিপীড়িত জনগোষ্ঠীক জনজাতিকৰণৰ বাবে লোৱা পদক্ষেপক কোচ ৰাজবংশী জাতীয় পৰিষদে আদৰণি জনাই কেন্দ্ৰীয় চৰকাৰে অসমৰ কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাৰম্বাৰ প্ৰতিশ্ৰুতি প্ৰদানৰ পিছতো পুনৰাই জনগোষ্ঠী কেইটাক জনজাতিকৰণৰ স্বীকৃতি প্ৰদানৰ পৰা বঞ্চিত কৰা চৰকাৰৰ দুমুখীয়া কাৰ্য্যক কোচ ৰাজবংশী জাতীয় পৰিষদে "এয়া ডাবল ইঞ্জিন যুক্ত বি,জে,পি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ ছয় জনগোষ্ঠীৰ প্ৰতি চৰম প্ৰবঞ্চনা" বুলি এক বিবৃতিত প্ৰকাশ। 

     কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মন আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু অসদ চৰকাৰৰ চৰম দায়িত্বহীনতাৰ কাৰণে শত প্ৰতিশ্ৰুতি প্ৰদানৰ পিছতো এই বেলিও ছয় জনগোষ্ঠীক জনজাতিকৰণৰ পৰা বঞ্চিত কৰিলে বুলি বিষোদগাৰ কৰি কেন্দ্ৰীয় তথা অসম চৰকাৰক চৰম মিছলীয়া তথা বিশ্বাসঘাতক বুলি বিবৃতিত ধিক্কাৰ দিয়ে। কোচ ৰাজবংশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেতাদ্বয়ে বিবৃতি যোগি তীব্ৰ আক্ষেপ কৰি কয় যে ড' হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে কে,এ,চি, আৰশ কোচ ৰাজবংশী উন্নয়ন পৰিষদ নামৰ দুখন পৰিষদৰ গইনা লৈ আক্ৰাছু, সন্মিলনী, যুৱ পৰিষদ, মহিলা সমিতিৰ কিছু নেতাক ক্ষমতা প্ৰদানৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠন আক্ৰাছুক আৰু আন আন কেবাটাও কোচ ৰাজবংশী সংগঠনক কৌশলৰে বিভক্ত কৰি জনগোষ্ঠীটোৰ সংগ্ৰামী সত্ত্বাটোক ধ্বংস কৰা বুলি বিবৃতিটোত উল্লেখ কৰে । নেতাদ্বয়ে আক্ৰাছু, সন্মিলনীৰ আদি সংগঠনৰ নেতা কে,এ,চি, আৰু উন্নয়ন পৰিষদ বিষয়বাব তথা সদস্য কদত অধিষ্ঠিত হোৱাৰ পিছতো দৃষ্টিকটুভাবে শাসনাধিষ্ঠিত দলৰ পকেটত সোমাই কোচ ৰাজবংশী জনগোষ্ঠী যাতে কোনো কালেই জনজাতিকৰণৰ সুবিধা লাভ নকৰে তাৰ বাবে শেষ গজালটো মাৰি জনগোষ্ঠীটোক নিঃশেষ কৰাত হাত উজান দিছে বুলি তীব্ৰ কটাক্ষ কৰে। বৰ্মন আৰু ৰায়ে বিবৃতিটোত সজোৰে কয় যে কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ আৰু কোচ ৰাজবংশী উন্নয়ন পৰিষদ জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্যৰ বিকল্প হব নোৱাৰে বুলি প্ৰকিশ কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ দুখনে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰিব নে নাই ৰাজহুৱাকৈ স্পষ্ট কৰিবলৈ দাবী জনায়। কোচ ৰাজবংশী জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰৰ অধিকাৰ আৰু জনজাতিকৰণৰ হকে গঠন হোৱা জাতীয় ছাত্ৰ সংগঠন আক্ৰাছুক আজি এচাম তথাকথিত ছাত্ৰ নামধাৰী বয়বৃদ্ধ বিবাহিত, সন্তানৰ পিতৃ, ঠিকাদাৰ, ব্যৱসায়ীয়ে নিজৰ ব্যক্তিগত তথা ৰাজনৈতিক স্বাৰ্থ চৰিতাৰ্থ কৰিবৰ বাবে ভাগ ভাগ কৰি চৰকাৰৰ পকেটত সোমাই জনগোষ্ঠীটোৰ সংগ্ৰামী সত্ত্বাক নিঃশেষ কৰাৰ ফলতেই আজি কেন্দ্ৰীয় আৰু অসম চৰকাৰে বাৰে বাৰে জনগোষ্ঠীটোক জনজাতিকৰণৰ ক্ষেত্ৰত চৰম প্ৰবঞ্চনা কৰাৰ সুযোগ পালে বুলি আক্ষেপেৰে উল্লেখ কৰে। সেইদৰে ঐতিহ্যমণ্ডিত কোচ ৰাজবংশী সন্মিলনীক এচাম তথাকথিত জাতীয়তাবাদীৰ মুখা পিন্ধা আৰু শাসকীয় ৰাজনৈতিক দলৰ বহতীয়াই নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহাতো জাতিটোৰ বাবে চৰম দুৰ্ভাগ্যজনক বুলি কয় ৷ নেতাদ্বয়ে এই ন্যস্তস্বাৰ্থ জড়িত জাতিদ্ৰোহী নেতাসকলৰ হাতোৰাৰ পৰা জনগোষ্ঠীটোক ৰক্ষা কৰাৰ বাবে জনগোষ্ঠীটোৰ সৰ্বসাধাৰণ ৰাইজে পদক্ষেপ গ্ৰহণ নকৰিলে কোনোকালেই জনগোষ্ঠীটোৱে নাৰ্য অধিকাৰ পাবলৈ সক্ষম নহব বুলি উল্লেখ কৰি ৰাইজক ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিবলৈ আহ্বান জনায়।

কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয়তাবাদৰ গইনা লৈ কেএচি আৰু কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ গাদীত বহা তথাকথিত বাঘা বাঘা নেতা সকলে দিনত চৰকাৰৰ বিপক্ষে মাত মাতে যদিও নিশা হলে মন্ত্ৰী, বিধায়ক আৰু ৰাজনৈতিক দলৰ নেতাৰ বাৰাণ্ডা আৰু অতিথি কক্ষত দুপৰ ৰাতিলৈ বোন্দাপৰ দি তৈলমৰ্দন কৰি ব্যক্তিগত মুনাফা আদায়ত ব্যস্ত থাকে। এনে অস্তিত্বহীন আৰু দুমুখীয়া নেতাৰ দ্বাৰা কোনো কালেই কোচ ৰাজবংশী জনগোষ্ঠীৰ মঙ্গল যে নহব সেয়া ধুৰুপ। সেয়েহে কেএচি আৰু কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ সকলো বিষয়বাব আৰু সদস্য সকলক জাতিৰ স্বাৰ্থত দালালি কৰা সুযোগ নিদি সামাজিকভাৱে বৰ্জন কৰিব লাগে বুলি বিবৃতিত প্ৰকাশ কৰে।