এইবাৰ থাইলেণ্ডৰ বেংককত চৰ্চা চলিল ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ গৌৰৱময় ঐতিহ্য বহন কৰা প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ বিষয়ে। বেংককত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত আহোম ৰাজত্বকালৰ কীৰ্তিচিহ্ন সমূহৰ বিষয়ে দৃশ্য-শ্ৰাব্য মাধ্যমৰ জৰিয়তে উপস্থাপন কৰিলে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। 

সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আহোম ৰাজত্বকালৰ গৌৰৱময় ঐতিহ্য সন্দৰ্ভত বক্তৃতা প্ৰদান কৰিলে থাইলেণ্ডৰ বেংককত। উল্লেখ্য যে তিনিদিনীয়া কাৰ্যসূচীৰে বেংককত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেলত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে মন্ত্ৰী যোগেন মহনৰ ওপৰিও নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ', অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চৌনা মেইন, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ জনপ্ৰতিনিধি, প্ৰশাসনিক বিষয়া তথা সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিছে।