আজি বঙাইগাঁও জিলাৰ বীৰঝৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ছাত্ৰীসকলৰ বাবে এখন স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়।

ডা:এ কে চক্ৰৱৰ্তী (অৱসৰপ্ৰাপ্ত), ডা:বিনীতা ডেকা, ডা:পুলিন নাথ, ডা:হেমেন শৰ্মা আদিকৰি কেবাগৰাকীও ডাক্তৰে উপস্থিত থাকি ছাত্ৰীসকলৰ সাধাৰণ স্বাস্থ্য পৰীক্ষাৰ লগতে কিশোৰীসকলৰ ৰক্তহীনতা আৰু মাহেকীয়া ঋতুস্ৰাৱৰ সমস্যাসমূহৰো পৰীক্ষা আৰু ঔষধো প্ৰদান কৰা হয়।

স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰাৰ আগতে ডা:এ কে চক্ৰৱৰ্তীয়ে ছাত্ৰীসকলক শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ কৰাৰ বাবে বক্তব্য ৰাখে। 

স্কুলখনৰ প্ৰধান শিক্ষকেও ছাত্ৰীসকলক ধঁপাত জাতীয় দ্ৰব্য সেৱন নকৰিবলৈ আৰু চেনিটাৰী নেপকিন ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনায়।

আজি স্বাস্থ্য সেৱা শিবিৰত প্ৰায় দুই শতাধিক ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়।