উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ত নৱাগত আদৰণী সভাঃ মাজুলী জিলাৰ এখনি অন্যতম উচ্চ শিক্ষানুষ্ঠান উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে নৱাগত আদৰণী সভা অনুষ্ঠিত হয়৷ সেই উপলক্ষে আজি পুৱা ৮ বজাত সামূহিক চাফাই, ৯ বজাত ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পৱন দলে পতাকা উত্তোলন আৰু ৯.৩০ বজাত সহ সম্পাদিকা শিৱানী দলেয়ে শ্বহীদ তৰ্পণ কৰে ৷ ইয়াৰ পিছতে পুৱা ১০ বজাত নৱাগতা ছাত্ৰ-ছাত্ৰীসকলক মূল তোৰণৰ পৰা আদৰণী জনোৱা হয়৷ আনহাতে পুৱা ১০.৩০ বজাৰ পৰা মহাবিদ্যালয়খনৰ অধ্যাপিকা ড০ বিউটী গগৈয়ে আঁত ধৰা মুকলি সভাখনিত সভাপতিত্ব কৰে অধ্যক্ষ ড০ ডাহ্নৱী লহকৰ বৰুৱাই৷ লক্ষীৰূপা খনিকৰে পৰিৱেশন কৰা বৰগীতেৰে শুভাৰম্ভ হোৱা মুকলি সভাখন উদ্বোধন কৰে উপাধ্যক্ষ বিধান কুমাৰে৷ মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ঔপন্যাসিক জুৰি বৰা বৰগোহাঞিয়ে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত ভাষণ প্ৰদান কৰে৷ বক্তাগৰাকীয়ে ফে’চবুক, ইন্ষ্টাগ্ৰাম, ৱাটচএপ আৰু ৰিলচ্ আদিৰ দৰে সামাজিক মাধ্যমসমূহে বৰ বেয়াকৈ আসক্ত কৰি বৰ্তমানৰ সমাজ ব্যৱস্থা আৰু ছাত্ৰ-ছাত্ৰীসকলক গ্ৰাস কৰি পেলাইছে আৰু এইবোৰ সামাজিক মাধ্যমৰ আসক্তিয়ে আমাৰ মূল্যৱান সময়বোৰ অপচয় কৰিছে। গতিকে এইবোৰৰ পৰা আমি নিজকে আঁতৰাই আনি পুথি অধ্যয়নৰ প্ৰতি মন দিয়া উচিত বুলি ভাষণ প্ৰদান কৰে বিশিষ্ট লেখিকা গৰাকীয়ে।ইয়াৰোপৰি সভাত মুখ্য অতিথি হিচাপে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ফনীধৰ টাহুৱে ছাত্ৰ-ছাত্ৰীসকলৰ আৰ্শীষ বাণী প্ৰদান কৰে৷ দিনৰ ১ বজাৰ পৰা কণ্ঠশিল্পী মৃদুল বৰুৱাৰ সংগীতানুষ্ঠানৰ অন্তত ৩ বজাৰ পৰা বিশিষ্ট লেখিকা জুৰী বৰা বৰগোহাঞি আৰু শিক্ষাৰ্থীসকলৰ মাজত এক অন্তৰঙ্গ অনুষ্ঠান অনুষ্ঠিত হয়৷ সভাত অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ড০ উপেন বৰাই শলাগৰ শৰাই আগবঢ়াই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বিশ্ব স্তনপান সপ্তাহ উপলক্ষে সজাগতা সভা
বিশ্ব স্তনপান সপ্তাহ উপলক্ষে সোণাৰিত সজাগতা সভা সম্পন্ন
বিশ্ব স্তনপান সপ্তাহ-২০২২...
Ye Bharat Ki Baat Hai: पाकिस्तानी 'सीमा' पर भड़के 'भाई जान'! | Asaduddin Owaisi | Seema Haider
Ye Bharat Ki Baat Hai: पाकिस्तानी 'सीमा' पर भड़के 'भाई जान'! | Asaduddin Owaisi | Seema Haider
Volkswagen GT Edge Trail Edition कितनी खास? आसान भाषा में समझें
इस स्पेशल एडिशन के इंटीरियर में बहुत कुछ खास मिलता इसके अंदर ट्रेल एडिशन में लाल सिलाई के साथ...
Madhya Pradesh की Deputy Collector Nisha Bangre ने छुट्टी ना मिलने पर आखिर क्यों दिया इस्तीफा!
Madhya Pradesh की Deputy Collector Nisha Bangre ने छुट्टी ना मिलने पर आखिर क्यों दिया इस्तीफा!