মৰাণত আজি টাইপাৰ আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত মৰাণ নগৰৰ মাজমজিয়াৰ ট্ৰেফিক পইণ্টত টাই আহোম সকলক আদি কৰি ৬ জনগোষ্ঠীক জনজাতি কৰণৰ পৰা বঞ্চিত কৰাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। হিমন্ত বিশ্ব শৰ্মা মূৰ্দা বাদ, নৰেন্দ্ৰ মোডী হাই হাই , বিজেপি গ বেক, অতি শীঘ্ৰেই ৬ জনগোষ্ঠীক জনজাতিকৰণ মৰ্যদা প্ৰদান কৰক আদি শ্ল'গানেৰে সমগ্ৰ মৰাণ অঞ্চল উত্তাল কৰি তোলে। লগতে তাই আহোম সকলক অতি শীঘ্ৰেই জনজাতি মৰ্যদা প্ৰদান নকৰিলে ধাৰাবাহিক জংগি আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে টাইপাই । আনহাতে আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি ৰাজ্যসভা বিধান সভাত যি সকল মন্ত্ৰী বিধায়ক হৈছে সেই সকল মন্ত্ৰী বিধায়কে আহোম সম্প্ৰদায়ক জনগোষ্ঠীৰ ক্ষেত্ৰত প্ৰতাৰণা কৰিছে জাতিটোক বুলি মন্তব্য কৰে । শীঘ্ৰে আহোম সকলক জনজাতিকৰণ নকৰিলে আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে সংগঠনটোৱে ।