'পিতৃ মাতৃ পূজন ' শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান সম্পন্ন।

লাক্ষীমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত এখন প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হল এক অগতানুগতিক আৰু অনুকৰনীয় কাৰ্যসূচীৰ।ঘিলামৰাত অৱস্থিত শিক্ষা খণ্ডটোৰ অন্তৰ্গত পিতামণি প্ৰাথমিক বিদ্যালয়ত বিদ্যালয় পৰিয়ালৰ উদ্যোগত অনুষ্ঠিত কৰা হয় 'পিতৃ মাতৃ পূজন'শীর্ষক এক ব্যতিক্ৰমী অনুষ্ঠান ।

বিদ্যালয় প্ৰধান শিক্ষক যোগমায়া চাংমাই,পৰিচালনা সমিতিৰ সভাপতি জগত সেনাপতি ,সহকাৰী শিক্ষক প্ৰাণজিব জগত সেনাপতি, সহকাৰী শিক্ষক প্ৰাণজিব বৰা ,মাতৃ গোটৰ সদস্য আৰু অভিভাৱক অভিভাবিকা সমল উপস্থিত থকা এই পিতৃ মাতৃ পূজন শীৰ্ষক অনুষ্ঠানটো বন্তি প্ৰজ্বলনেৰে শুভৰাম্ভ কৰে দেউলীয়া অতিৰিক্ত সমল কেন্দ্ৰৰ সমন্বয়ক লাকি হাজৰিকা ই।বিদ্যালয় খনৰ সহকাৰী শিক্ষক বিকাশ দত্তই আঁত ধৰা দৃষ্টিনন্দন অনুষ্ঠানটো বিদ্যালয় খনৰ সমূহ শিক্ষাৰ্থী যে শৃংখলাবদ্ধতাৰে সমসাজ পৰিধান কৰি উপস্থিত থাকে বিদ্যালয়ত। বিদ্যালয় কৰ্তৃপক্ষৰ সহযোগিতাত বিদ্যালয়ত উপস্থিত অভিভাবিকসলক শিক্ষাৰ্থীৰ সকলে হাতে হাতে ধূপ বন্তি পুষ্পা লৈ নিজ নিজ পিতৃ মাতৃ চৰণ চুই ভক্তি ভৰা প্ৰণিপাত জনাই ।অভিভাৱক সকলেও সন্তানৰ পূজনত আশীৰ্বাদ অঞ্জলি যাচে।

যি সময়ত একাংশ বৰ্ষিয়ান পিতৃ মাতৃৰ প্ৰতি এচাম তথাকথিত উচ্চ জাত্যাভিমানিয়ে প্ৰদৰ্শন কৰি আহিছে অশ্ৰদ্ধা অৱস্থা তেনেসময়তে এখন প্ৰাথমিক বিদ্যালয় শিক্ষাৰ্থী সকলক পিতৃ মাতৃ ৰ আত্মিক সম্পৰ্ক সশ্ৰদ্ধ অনুভূতিৰ ৰোমন্থন কৰিবলৈ বিদ্যালয় পৰিয়ালে গ্ৰহণ কৰা এনে ব্যতিক্ৰমী শ্রদ্ধাশীল পদক্ষেপ নিশ্চিত ভাবে অনুকৰনীয় আৰু ইতিবাচক বাৰ্তা বাহক হিচাবে ধৰা দিছে।