হঠাৎ বিদ্যুতৰ মাচুল বৃদ্ধিয়ে জ্বলাকলা খুৱাইছে সাধাৰণ ৰাইজক। স্মাৰ্ট মিটাৰ সংযোগৰ বাবে বিদ্যুতৰ বিল বৃদ্ধি পোৱা সন্দৰ্ভত সংবাদ মাধ্যমত বিভিন্ন বাতৰি প্ৰকাশ পাইছে। অসমৰ বিভিন্ন প্ৰান্তত বিদ্যুৎ মাচুল বৃদ্ধিক লৈ শক্তি বিভাগৰ বিৰুদ্ধে ৰাইজে ক্ষোভ প্ৰকাশো কৰিছে।
আজি বিদ্যুৎ বিভাগে এই সন্দৰ্ভত এক জাননী জাৰি কৰিছে। বিভাগটোৱে উল্লেখ কৰিছে যে স্মাৰ্টমিটাৰ সংযোগৰ ফলত বিদ্যুতৰ মাচুল বৃদ্ধি হোৱা নাই। স্মাৰ্ট মিটাৰ হৈছে মিটাৰৰ ৰিডিং স্বয়ংক্ৰিয়ভাৱে সংগ্ৰহ কৰা দুমুখীয়া যোগাযোগ ক্ষমতা থকা এটি ইলেক্ট্ৰনিক মিটাৰ। বিদ্যুতৰ জোখমাখৰ ক্ষেত্ৰত পুৰণি ষ্টেটিক ইলেক্ট্ৰনিক মিটাৰ আৰু নতুন স্মাৰ্ট মিটাৰৰ মাজত কোনো পাৰ্থক্য নাই।
বিগত কিছুদিন ধৰি বিদ্যুৎ মাচুল বৃদ্ধি পোৱাৰ কাৰণ এইটো হ’ব পাৰে যোৱা জুলাই আৰু আগষ্ট মাহত প্ৰচণ্ড গৰম আৰু কম বৰষুণৰ বাবে বিদ্যুতৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছিল। প্ৰতিবছৰে জুলাই,আগষ্ট আৰু ছেপ্তেম্বৰ মাহত সমগ্ৰ ৰাজ্যতে প্ৰচণ্ড গৰমৰ বাবে সকলো ঘৰুৱা গ্ৰাহকৰ বিদ্যুতৰ ব্যৱহাৰ বৃদ্ধি পায়।
লগতে জাননী খনত কোৱা হৈছে যে, স্মাৰ্ট মিটাৰৰ ফলত এপিডিচিএলৰ সংশ্লিষ্ট অঞ্চলসমূহত বাণিজ্যিক লোকচান ভালেখিনি হ্ৰাস পাইছে।
উল্লেখ্য যে, এপিডিচিএলে ২০২০ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা অসমৰ বিভিন্ন এলেকাত স্মাৰ্ট মিটাৰ সংস্থাপন কৰি আহিছে।
তদুপৰি ২০২৫বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত সকলো গ্ৰাহকক পৰ্যায়ক্ৰমে প্ৰি-পেমেন্ট মোডত স্মাৰ্ট মিটাৰৰ সৈতে বিদ্যুৎ যোগান ধৰিব লাগিব বুলি বাধ্যতামূলক কৰিছে শক্তি মন্ত্ৰণালয়,ভাৰত চৰকাৰে।
 
  
  
  
   
   
   
  