সোণাৰি হাজি আচিমুদ্দিন মিছন একাডেমীৰ কৃতি খেলুৱৈ, যুৱ অলিম্পিকৰ স্বৰ্ণ বিজয়ী আস্থা গগৈক সম্বৰ্ধণা

অসম যুৱ অলিম্পিক ২০২২ত সোনৰ পদক লাভ কৰা আস্থা গগৈক আজি হাজী অচিমুদ্দিন মিচন একাডেমী, সোনাৰিত বিষেশ ভাবে সম্বৰ্ধনা জনোৱা হয়। আস্থাই ভাৰউত্তোলনৰ ৭৬ কিলোগ্ৰাম শাখাত পদক লাভ কৰিছিল।বিদ্যালয় ৰ একাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী গৰাকীৰ সাফল্যত উৎফুল্লিত হৈ আজি বিদ্যালয়ৰ পৰিয়ালে ফুলাম গামোছা, সম্বৰ্ধনা পত্ৰৰে উষ্ম অভিনন্দন জনায়।সমগ্ৰ চৰাইদেউ জিলালৈ গৌৰব কঢ়িয়াই অনা আস্থা মথুৰাপুৰৰ জিতু গগৈ আৰু প্ৰতিমা গগৈৰ কনিষ্ঠা কন্যা।