নুমলীগড়ৰ ৰংবংত সকলোতে এতিয়া গৰু ছাগলীৰ দৰে বিচৰন বন্যহস্তীৰ।

নুমলীগড়ৰ ১ নং ৰংবংৰ দৃশ্য এইয়া । বন্যহস্তীৰ এটা বৃহৎ জাক তিনিটা ভাগত বিভক্ত হৈ গাও,পথ ,পথাৰ আৰু মানুহৰ বাৰীত গৰু ছাগলীৰ দৰে বিচৰণ কৰিবলৈ লৈছে। নিশা হাতীৰ ভয়ত পথেৰে পাৰ হৈ যাবলৈ ভয় ৰাইজৰ। বাৰী ঘৰ তহিলং কৰাৰ ভয়ত বহু লোকেই নিশা উজাগৰে পাৰ কৰিব লগা হৈছে। খাদ্যৰ সংকটত পৰা হাতীয়েও থিতাপি লৈছে জনাঞ্চলত । বনাঞ্চল সংকুচিত হোৱাৰ ফলত দিশহাৰা এতিয়া বন্যপ্ৰাণী। যাৰ ফলত জনাঞ্চলত নিতৌ বিচৰন কৰিছে হাতীয়ে ।ইফালে বহু আশাৰে কৰা শালিধানৰ পথাৰ তহিলং কৰিবলৈ লোৱাত বিপাঙত পৰিছে কৃষক ৰাইজ । খেতিডৰাই জীৱিকাৰ ভৰষা হিচাপে লোৱা কৃষকে হাতীৰ বাবেই এতিয়া সংকটত পৰিছে।