বঙাইগাঁও নাম্বাৰপাৰাত ছাত্ৰৰ আত্মহত্যা 

 বঙাইগাঁও ২২ ছেপ্টেম্বৰঃ--বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা দাৰুল উলম আছাদুল ইছলাম নামৰ এগৰাকী ছাত্ৰই মাদ্ৰাছাত গা ধোৱা কোঠাত চিপ লৈ আত্মহত্যা কৰে। আত্মহত্যা কৰা ছাত্ৰজন নোৱাগাওঁৰ হায়েত আলী পুত্ৰ আছাদুল ইছলাম (১৫)। ছাত্ৰজনে লগত মোৱাইল ৰাখিছিল যদিও মাদ্ৰাছাত মোবাইল নিষিদ্ধ আছিল। সেয়ে ছাত্ৰজনৰ পৰা শিক্ষকে মোবাইল ফোন লৈ যোৱাৰ কাৰণত আত্মহত্যাৰ কৰাৰ সন্দেহ কৰে স্হানীয় ৰাইজে ।ঘটনাস্থলীত আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা , মহকুমা আৰক্ষী বিষয়া নিতুমনি দাস আৰু দণ্ডাধীশ উপস্থিত হৈছিল।

 মাদ্ৰাছাখনত পৰ্যাপ্ত অনুশাসন নাই বুলি উল্লেখ কৰিছে আৰক্ষী অধীক্ষকে।

ছাত্ৰজনৰ মৃতদেহটো মৰোনত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।