গন্ধীয়া পশু উপ স্বাস্থ্য কেন্দ্ৰত নাই চিকিৎসক ।গৰু গাহৰি ঘৰলৈ পৰিণত।

যি সময়ত ৰাজ্যত গৰু ,ম'হ ,গাহৰি আদি পশুধন সমূহ অচিন বেমাৰত পৰি বিনা চিকিৎসাই মৃত্যুবৰণ কৰিছে সেই সময়ত ঢকুৱাখনাৰ 'গন্ধীয়া পশু উপ স্বাস্থ্য কেন্দ্ৰটোৱে চিকিৎসক আৰু কৰ্মচাৰী অভাৱত মৃত্যুৰ ক্ষণ গনিছে।

আজিৰ পৰা কেইটা বছৰ পূৰ্বে বৃহত্তৰ গন্ধীয়া অঞ্চলৰ পশুধন সমূহৰ কথা চিন্তা কৰি এই পশু উপ স্বাস্থ্য কেন্দ্ৰটো স্থাপন কৰি চিকিৎসক আৰু কৰ্মচাৰী নিযুক্তি দি কাম আৰম্ভ কৰিছিল যদিও বৰ্তমান ই মৃতপ্ৰায় অৱস্থালৈ গতি কৰিছে।

নাই কোনো চিকিৎসক আৰু কৰ্মচাৰী স্থানীয় পঞ্চায়ত প্ৰতিনিধিয়ে চতুদশ বিত্তীয় আয়োগৰ পুঁজিৰে চিকিৎসালয় খনৰ গৃহতি পুনৰ নিৰ্মাণ কৰি দিছিল যদিও সেইটো এতিয়া প্ৰতিবেশী লোকৰ গৰু ,গাহৰি আৰি ছাগলী গৰালত পৰিণত হৈছে।চাৰিওফালে লেতেৰা ঘন জংঘলে আৱৰি ভূত বাংলালৈ পৰিণত হৈছে।

উক্ত অঞ্চলটোৰ ৰাইজে এতিয়া পশুধনৰ অসুখ বিসুখ হলে প্ৰায় দহ কিলোমিটাৰ অতিক্ৰম কৰি ধেমাজিৰ বেঙেনা গড়া অথবা ঢকুৱাখনা গোবিন্দ পুৰলৈ নি চিকিৎসাৰ কৰাব লগা হৈছে।

সেয়েহে তেওঁলোকে এই গন্ধীয়া পশু উপ স্বাস্থ্য কেন্দ্ৰটোত উপযুক্ত চিকিৎসক আৰু কৰ্মচাৰী  নিযুক্তি দি পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ দাবী জনাইছে।