অসম অলিম্পিকত ভাগ লোৱা সোণাৰিৰ খেলুৱৈৰ হাহাকাৰ, প্ৰশিক্ষণৰ বাবে নাই কোনো স্থায়ী কেন্দ্ৰ।
শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হোৱা অসম অলিম্পিকত জুডোত অংশগ্ৰহণ হিচাপে ভাগ লৈ তিনিটাকৈ ৰূপৰ পদক লাভ কৰা চৰাইদেউ জিলাৰ সোণাৰিৰ জুড এচোছিয়েশ্যনৰ স্থায়ী প্ৰশিক্ষণ কেন্দ্ৰ নথকাত এতিয়া চিন্তিত হৈ পৰিছে এচোছিয়েশ্যনৰ প্ৰশিক্ষক সকল। এজাক বৰষুণ দিলেই কদৰ্যময় হৈ পৰে কেন্দ্ৰটো। আনহাতে সোণাৰি ৰাজহুৱা খেলপথাৰত অস্থায়ী ভাৱে প্ৰশিক্ষণ প্ৰদান কৰি অসম অলিম্পিকত তিনিটাকৈ ৰূপৰ পদক অৰ্জন কৰা জুড এচোছিয়েশ্যনটোৰ অন্যান্য সদস্য সকলৰ জুডৰ প্ৰতি উৎসাহ দেখি এতিয়া চিন্তিত হৈ পৰিছে এচোছিয়েশ্যনৰ প্ৰশিক্ষক তথা ব্যৱস্থাপনা দ্বায়িত্বত থকা চামচুদ্দিন আহমেদ। এই ক্ষেত্ৰত চামচুদ্দিন আহমেদে প্ৰশিক্ষণ লৈ থকা ল'ৰা ছোৱালীৰ ভবিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সাংসদ তপন কুমাৰ গগৈ আৰু মন্ত্ৰী যোগেন মোহনক এক স্থায়ী কেন্দ্ৰৰ লগতে প্ৰশিক্ষণৰ সা-সজুলি সমুহৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।