ভাৰত চৰকাৰে দেশৰ ৫খন ৰাজ্যৰ ১৫তা জনগোষ্ঠীক জনজাতী মৰ্য্যদা প্ৰদান কৰাৰ প্ৰতিবাদ ঢকুৱাখনাত চুতীয়া যুৱ সন্মিলনৰ উত্তাল প্ৰতিবাদ।
'চুতীয়া যুৱ সন্মিলন' অসমৰ ঢকুৱাখনা মহকুমাৰ সমিতিৰ উদ্যোগত আৰু চুতীয়া জাতি মহিলা সন্মিলনৰ সহযোগত ঢকুৱাখনা নগৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমৃত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে।
ঢকুৱাখনা নগৰৰ 'সাধনী ভৱন'ৰ পৰা প্ৰতিবাদ কৰি ওলাই আহি ঢকুৱাখনা নগৰৰ ৰাজপথত প্ৰতিকৃতি জ্বলাই কৰা এই প্ৰতিবাদী কাৰ্যসূচীত তেওঁলোকে 'জনজাতিকৰন তেওঁলোকৰ ন্যায দাবী, no st no rest আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।