দৰঙৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান নমস্কাৰমৰ ১৬ সংখ্যক প্ৰতিষ্ঠা দিৱসটি দিনযোৰা কাৰ্যসূচীৰে ১৮ ছেপ্টেম্বৰত ছিপাঝাৰ সাহিত্য সভা স্মৃতি ভৱনত অনুষ্ঠিত হ'ব। পুৱা ৮-০০ বজাত নমস্কাৰমৰ অধ্যক্ষ দীনমনি ডেকাই পতাকা উত্তোলন কৰাৰ পাছত আৰক্ষী অধীক্ষক কাৰ্যালয়, দৰঙৰ কৰ্মচাৰী মহেশ বৰ্মন আৰু উপায়ুক্ত কাৰ্যালয়, দৰঙৰ প্ৰশাসনিক বিষয়া বক্তাৰ আলিয়ে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিব। আনহাতে ১০-০০ বজাত স্মৃতি তৰ্পণ কৰিব ছিপাঝাৰৰ জ্যেষ্ঠ সাংবাদিক ৰণজিত কুমাৰ নাথে। একেদৰে ১১-০০ বজাত দৰঙৰ আগশাৰীৰ বেচৰকাৰী অনুষ্ঠান ছত্ৰৰ কাৰ্যবাহী সঞ্চালক ননী কুমাৰ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হ'ব আলোচনা সভা আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান। উল্লেখ্য যে 'আত্মনিৰ্ভৰশীল অসম গঢ়াত চৰকাৰী কৰ্মসূচী আৰু স্বেচ্ছাসেৱী অনুষ্ঠানৰ ভূমিকা' শীৰ্ষক আলোচনা সভাখন উদ্বোধন কৰিব ছিপাঝাৰ জনতা মহাবিদ্যালয়ৰ অধ্যক্ষ হৰেন ডেকাই। উক্ত আলোচনা সভাত উপস্থিত থাকিব ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী, দৰং জিলাৰ উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মা, দৰং জিলাৰ আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়া, দৰং জিলাৰ কৃষি বিষয়া জ্যোতিষ কুমাৰ নাথ, অধিবক্তা হোমেন কাকতি আৰু বিশিষ্ট লিখক এম হাফিজ আলি আদি। প্ৰনিধানযোগ্য যে এই আলোচনা সভাতে বিশিষ্ট চিকিৎসক নৰেশ্বৰ শৰ্মা, শিক্ষাবিদ দীনেশ্বৰ নাথ, লোকশিল্পী দুলু বড়ো, সমাজকৰ্মীদ্বয় মনোজ কুমাৰ মিশ্ৰ, বিমলেশ জৈন , সাহিত্যিক বিনীতা বৰুৱা, সাংবাদিক কুমাৰ জিৎ শৰ্মা, আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মা, আদৰ্শ মহিলা ৰীনা দেৱী, বিমলেশ জৈনক নমস্কাৰমৰ তৰফৰ পৰা বটা আৰু বিশেষ সম্বৰ্ধনা জনোৱাৰ লগতে স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে এ.বি.এম এগ্ৰি ইণ্ডাষ্ট্ৰিজ এণ্ড ৰিচাৰ্ড প্ৰাইভেট লিমিটেড'কো বঁটা প্ৰদান কৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नवंबर में आ रहा Realme GT 7 Pro, फ्लैगशिप फोन में होगा Qualcomm का सबसे पावरफुल प्रोसेसर
रियलमी ने अपने फ्लैगशिप Realme GT 7 Pro का भारत लॉन्च कन्फर्म कर दिया है। इसे नवंबर में क्वालकॉम...
ಚಿಕ್ಕಬಳ್ಳಾಪುರದಲ್ಲಿ ಬಿಜೆಪಿ ಸರ್ಕಾರದಲ್ಲಿ ಹಂಚಿಕೆ ಮಾಡಿದ್ದ ಹಕ್ಕುಪತ್ರ ಅನಧಿಕೃತ- ಜಮೀರ್ ಅಹಮದ್ ಖಾನ್
ಬೆಂಗಳೂರು : ಚಿಕ್ಕ ಬಳ್ಳಾಪುರ ಜಿಲ್ಲೆಯಲ್ಲಿ ಹಿಂದಿನ ಸರ್ಕಾರದ ಅವಧಿಯಲ್ಲಿ ಆರೋಗ್ಯ ಸಚಿವರ ಭಾವಚಿತ್ರ ಮುದ್ರಿಸಿ...
कोलन कैंसर का कारण बन सकता है मुंह में मौजूद ये बैक्टीरिया, ताजा स्टडी में सामने आया चौंकाने वाला खुलासा
हाल ही में सामने आई एक स्टडी में ओरल हेल्थ और कैंसर को लेकर एक चौंकाने वाला खुलासा सामने आया है।...
सोयाबीनचे बनीम जाळल्या नुकसान भरपाई करून द्यावीअभियान प्रमुख संजय कुमार यांच्या वतीने निवेदन
सोयाबीनचे बनीम जाळल्या नुकसान भरपाई करून द्यावीअभियान प्रमुख संजय कुमार यांच्या वतीने निवेदन