মাধৱদেৱৰ তিৰোভাৱ তিথিত শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰত আই সকলৰ পুৱা নাম আজি মহাপুৰুষ মাধৱদেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি।

শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰত আই সকলৰ নাম প্ৰসংগ

দ্বিতীয় বৈকুণ্ঠ পুৰি লৈ পৰিণত হৈছে সত্ৰভূমি মাজুলী

...মহাপুৰুষ মাধৱদেৱ যাক শ্ৰীমন্ত শংকৰদেৱে বঢ়াৰ পো বুলি সম্বোধন কৰিছিল সেইজনা অৱতাৰি মহাপুৰুষৰ আজি ৪২৬ সংখ্যক তিৰোভাৱ তিথি। দ্বিতীয় বৈকুণ্ঠ পুৰি লৈ পৰিণত হৈছে সত্ৰভূমি মাজুলী। মাধৱ বান্ধৱক স্মৰন কৰিছে সকলোৱে। গুৰু বন্দনাৰে মুখৰিত মাজুলী আকাশ বতাহ । মাজুলীৰ প্ৰতিখন সত্ৰ আৰু নামঘৰত পূৱাৰ পৰা নিশা দুপৰলৈ চাৰি নাম চৈধ্য প্ৰসংগ খোল তাল বৰগীতৰ অমীয়া সুৰে মুখৰিত হৈ থাকিব। মাজুলীৰ ভোগপুৰ ,উত্তৰ কমলাবাৰী, নতুন কমলাবাৰী, সত্ৰত ৪ দিনীয়াকৈ মহাপুৰুষ মাধৱদেৱৰ তিথি উদযাপন কৰিছে। চাউল ভোজনী, থাপনি, আজি মুলতিথি ইয়াৰ পাছত ভাঙনী, আজি পুৱাৰ পৰা পূৱাগীত, নামঘোষা কীৰ্তন ঘোষা ,আদি ৰ পাছত গায়ন বায়ন, বিহাৰ নৃত্য, ওজাপালি, কীৰ্ত্তনীয়া আদি পৰিবেশিত হৱ। গুৰুজনাৰ সৃষ্টি ভাওনাত পৰিবেশন হৱ। 

  বাইট -

 মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি মাজুলীৰ ৩৩ খন সত্ৰ চাৰি শতাধিক নামঘৰ আজি উদযাপন কৰিছে। মুখৰিত হৈ থাকিব নাম প্ৰসংগৰে । দ্বিতীয় বৈকুণ্ঠ পুৰিলৈ পৰ্যবসিত হৈছে সত্ৰপীঠ মাজুলী। ভোজনী, থাপনি মূল কীৰ্তন মাজুলীৰ ঐতিহাসিক এলেঙী নৰসিংহ সত্ৰতো পৰম্পৰা ৰক্ষা কৰি পালন কৰিছে গুৰু তিথি। পুৱা খোল প্ৰসংগ ভাগৱত,নাম প্ৰসংগ ঠিয়নাম আদি অনুষ্ঠিত কৰিছে পুৱাৰ ভাগত। নৰসিংহ সত্ৰৰ ঠিয়নামৰ পৰম্পৰা ৩ শ বছৰীয়া পুৰনি । সকলো ভকত বৈষ্ণৱে বৰতাল লৈ ঠিয়নাম গাইছে। নামৰ ধ্বনি যাতে চাৰিওফালে ৰাইজে শুনিব পাৰে তাৰে এই সত্ৰত এই পৰম্পৰা আছে।