ৰহাত আজি Folk Fusion Academyৰ উদ্বোধন হয়।

      ৰহাৰ খাইগডত কেইজনমান শিক্ষিত যুবক যুৱক সকলে স্থাপন কৰা Folk Fusion Academyৰ আজি ডুগডুগী স্বতাধিকাৰী তথা কবি, লেখক উৎপল বনিয়াই উদ্বোধন কৰি কয় যে একাডেমি খনে নবপ্ৰজন্মক উপকৃত কৰিব।একাডেমিত নব প্ৰজন্মৰ যুবক যুৱতী সকলক বিহু,সত্ৰীয়া, বাঁহী,পেঁপা,গীতাৰ খোল ৰ প্ৰশিক্ষণ দিয়া হব বুলি উদ্যোক্তা সকলে জানিব দিয়ে।

          ৰহা আঞ্চলিক জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ ৰ উপদেষ্টা দীপক দাসে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত নগাঁও জিলা জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ উপ সভাপতি হৰি প্ৰসাদ ৰাজখোৱা, ৰহা আঞ্চলিক জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ ৰ ভাৰপ্ৰাপ্ত সভাপতি দিপেন দাস,সম্পাদক ৰুবুল মুদৈ সহ একাডেমি ৰ সদস্য সদস্যা আৰু যুবক যুৱতী উপস্থিত থাকে।