সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া মৰিগাঁও সাৰ্বজনীন শ্ৰীশ্ৰীদুৰ্গা পূজা উৎসৱ উদযাপন সমিতিয়ে মাংগলিক নীতি নিয়মৰ মাজেৰে মূলখুঁটা স্থাপনৰ কাৰ্যসূচী সমাপন কৰে। ১ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ মৰিগাঁও ঐতিহ্যমণ্ডিত বিহুতলি আৰু মণ্ডল বেৰেকত পাঁচ দিনীয়াকৈ বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন হ'বলগীয়া মৰিগাঁও সাৰ্বজনীন শ্ৰীশ্ৰীদুৰ্গা পূজা উৎসৱ উদযাপন সমিতিয়ে এইবেলি সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা উদ্দেশ্যে পুৱা ভূমিপূজনৰ লগতে মাংগলিক ধ্বনিৰে মূলখুঁটা স্থাপন কৰে। উল্লেখ যে- ১৯৭৩ চনতেই আৰম্ভ হোৱা মৰিগাঁৱৰ সাৰ্বজনীন শ্ৰীশ্ৰীদুৰ্গা পূজা উৎসৱ উদযাপন সমিতিয়ে এইবাৰ উদযাপন কৰিব সোণালী জয়ন্তী বৰ্ষ। উদযাপন সমিতিয়ে সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি আগন্তুক ২৫ ছেপ্টেম্বৰত মহালয়া উপলক্ষে এটি বৰ্ণাঢ্য শোভাযাত্ৰাৰ আয়োজনৰ প্ৰস্তুতি চলাইছে ।তাৰোপৰি সোণালী জয়ন্তীৰ অনুষ্ঠানত ভক্তপ্ৰাণ ৰাইজৰ ভীৰৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বতে অনুষ্ঠিত কৰি অহা মৰিগাঁও সদৰ চাৰিআলিৰ পূজাস্থলীৰ পৰিবৰ্তে এইবাৰ মৰিগাঁও জিলাৰ আৱৰ্ত ভৱন আৰু পবিতৰাহাটৰ মাজত থকা মণ্ডল বেৰেক চৌহদত অনুস্থিত কৰিবলৈ উদযাপন সমিতিয়ে পূৰ্ণগতিত প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। সোণালী জয়ন্তী উপলক্ষে মৰিগাঁও সাৰ্বজনীন শ্ৰীশ্ৰীদুৰ্গা পূজা উৎসৱ উদযাপন সমিতিয়ে "শক্তিৰূপা" নামৰ এখন স্মৃতি গ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি চলোৱাৰ উপৰিও মৰিগাঁও সদৰ বিহুতলিত আয়োজন কৰা কেইবাটাও সাংস্কৃতিক অনুষ্ঠানত অসমৰ কেইবাগৰাকীও কণ্ঠশিল্পীয়ে অংশগ্ৰহণ কৰিব বুলি উদযাপন সমিতিয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। ইপিনে, পুৱা মৰিগাঁও সাৰ্বজনীন শ্ৰীশ্ৰীদুৰ্গা পূজাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতিয়ে ভূমিপূজন মাংগলিক ধ্বনিৰে মূলখুঁটা স্থাপন কৰা সময়ত উদযাপন সমিতিৰ সকলো বিষয়ববীয়া তথা সদস্য সকলৰ লগতে বহু ভক্তপ্ৰাণ ৰাইজে অংশ গ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बूंदी जिले के सबसे बड़े गरडदा बांध पर चादर चलने का इंतजार आधा फिट दूर ।
बूंदी जिले के सबसे बड़े गरडदा बांध पर चादर चलने का इंतजार आधा फिट दूर ।
नमाना .बूंदी जिले...
બનાસકાંઠા એસ.ઓ.જી ની ટીમે મહેસાણાના ગુનાના ફરાર આરોપીને ઝડપી પાડ્યો
બનાસકાંઠા જિલ્લામાં લોકસભાની ચૂંટણીને લઇ નાસ્તા ફરતા આરોપીઓને પકડવા માટે પોલીસ દ્વારા ખાસ અભિયાન...
মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ দুটাকে ফুটবল দলেঅংশ লব ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ফুটবল প্ৰতিযোগিতাত উৎফুল্লিত মৰাণবাসী
মৰাণ জৱাহৰ নবোদয় বিদ্যালয়ত ৰিজিঅনেল পৰ্য্যায়ত ফুটবল Meet অনুষ্ঠিত হ'ল। মৰাণৰ জৱাহৰ...
Medal Official Trailer | Jayesh More | Chetan Daiya | Kinjal Rajpriya | Navkar Production | Navkar
Medal Official Trailer | Jayesh More | Chetan Daiya | Kinjal Rajpriya | Navkar Production | Navkar