মিছিং ভাষাত প্ৰকাশিত ত্ৰিমাসিক ই-আলোচনী 'জিলি' প্ৰতিবছৰে কৰা ছপা সংকলনখনৰ দ্বিতীয় সংখ্যা বুধবাৰে চিলাপথাৰত উন্মোচন কৰা হয় । চিলাপথাৰৰ আবুতানি অতিথিশালাত অনুষ্ঠিত কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য সম্পাদক দেৱনন্দ পেগু আৰু সম্পাদক গোলাপ বড়িৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা আলোচনীখন উন্মোচন কৰে মিছিং আগম কেবাঙৰ প্ৰাক্তন সভাপতি বসন্ত কুমাৰ দলে । মিছিং আগম কেবাঙৰ উপসভাপতি হৰিনাৰায়ন পেগুৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত মিছিং আগম কেবাঙৰ প্ৰাক্তন সহকাৰী সম্পাদক খগেন পেগু, জিলিৰ উপদেষ্টা অমিলতা টায়ে মিলি, ই-আলোচনী 'সাহিত্যৰ ডেউকা' ৰ মুখ্য সম্পাদক মণ্টুৰাম টাইড, প্ৰাক্তন বেংক বিষয়া দিলীপ পেগু, মনোজ লাগাচু, ভগীৰথ মিলি, দিপ্তীৰাণী পেগু, সুভদ্ৰা পেগু, ঝৰ্ণা জিলি দলে, হাচনা মিপুনকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ শতাধিক লোকে অংশগ্ৰহণ কৰে । অনুষ্ঠানতেই জিলিৰ উদ্যোগত অনুষ্ঠিত কৰা কবিতা প্ৰতিযোগিতাৰ প্ৰথম স্থান প্ৰাপক ৰিয়ানা পাংগিং, দ্বিতীয় স্থান প্ৰাপক মায়ি পাংগিং আৰু যুটীয়াভাৱে তৃতীয় স্থান প্ৰাপক ঊষাৰাণী পেগু আৰু ভোগেন্দ্ৰ দলেক তেওঁলোকৰ পুৰস্কাৰসমূহ প্ৰদান কৰা হয় । বহুকেইগৰাকী শিল্পীৰ গীত, নৃত্য, কবিতাৰে জীপাল কৰি তোলে পৰিবেশ ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
શું ગુજરાતમાં યુવતીઓ નથી સલામત?
#buletinindia #gujarat #jamnagar
छायाचित्रासह मतदार यांच्या विशेष संक्षिप्त पुनरीक्षण कार्यक्रम
छायाचित्रासह मतदार यादीचा विशेष संक्षिप्त पुनरिक्षण कार्यक्रम
गडचिरोली,(महाराष्ट्र ...
अखेर शाळाबाह्य मुलांचे फेर सर्व्हेक्षण २४ ते २८ ऑगस्ट दरम्यान शिक्षणाधिका-यांचे आदेश ;बाल हक्क संरक्षण संघाच्या बुटपाॅलिश आंदोलनाचे यश:- डाॅ.गणेश ढवळे
शाळाबाह्य मुलांच्या सर्वेक्षणात मोठ्याप्रमाणात अनागोंदी झाली असून बोगस सर्व्हेक्षण करण्यात...
Loksabha में PM Modi ने Rahul Gandhi को घेरा, पीएम के बयान पर राहुल ने किया पलटवार | Aaj Tak News
Loksabha में PM Modi ने Rahul Gandhi को घेरा, पीएम के बयान पर राहुल ने किया पलटवार | Aaj Tak News