প্ৰশিক্ষকসহ ১৮ গৰাকী পদক বিজেতা কৃতী উন্মু খেলুৱৈক বিশ্বনাথৰ উপায়ুক্তৰ অভিনন্দন জ্ঞাপন...৩১টা পদকেৰে আজুৰি আনিলে দ্বিতীয়শ্ৰেষ্ঠ দলৰ সন্মান
বিশ্বনাথ চাৰিআলি, অসম যুৱ অলিম্পিক-২০২২ ত উজলি উঠা বিশ্বনাথ জিলা উশু দলৰ খেলুৱৈসকলক বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই উষ্ণ অভিনন্দন জনায়। বিশ্বনাথ জিলা উশু এছোচিয়েচনৰ দলীয় প্ৰশিক্ষক পদ্ম জাইৰু, টীম মেনেজাৰ লোহিত পাটৰৰ নেতৃত্বত ১৮ গৰাকী কৃতী খেলুৱৈ সমন্বিতে দলটোৱে আজি বিশ্বনাথৰ উপায়ুক্ত মুনীন্দ্র নাথ ঙাটেক নিজ কার্যালয়ত সাক্ষাত কৰি সদ্য সমাপ্ত অসম যুৱ অলিম্পিক-২০২২ ত লাভ কৰা উল্লেখনীয় ফলাফলৰ বিষয়ে অৱগত কৰে। সৰ্বমুঠ ৩১টা পদকেৰে বিশ্বনাথক ক্রীড়া জগতত উজলাই তোলাদলটোৰ প্ৰশিক্ষক সমন্বিতে প্ৰতিভাধৰ খেলুৱৈ দলটোক বিশ্বনাথ জিলা প্ৰশাসনৰ তৰফৰ পৰা গামোচা আদিৰে উষ্ণ অভিনন্দন জ্ঞাপন কৰে উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই
পদক লাভ কৰা খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰাৰ সময়ত বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত তথ্য আৰু জনসংযোগ বিষয়া বিশ্বজিৎ শইকীয়া, প্রশিক্ষকঅভিনন্দন জ্ঞাপন কৰে উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই
পদক লাভ কৰা খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰাৰ সময়ত বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত তথ্য আৰু জনসংযোগ বিষয়া বিশ্বজিৎ শইকীয়া, প্রশিক্ষক আৰু অভিভাৱক উপস্থিত আছিল।
উল্লেখ্য যে, বিশ্বনাথ উশ্বৰ ২৬ জনীয়া দলে ২১ জুলাইৰ পৰা ২৭ জুলাইলৈ গুৱাহাটীত অনুষ্ঠিত অসম যুৱ অলিম্পিক-২০২২ ত অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰে ১৮ গৰাকী খেলুৱৈয়ে ৩১ টা পদক লাভ কৰি দ্বিতীয় শ্রেষ্ঠ দলৰ সন্মান অৰ্জন কৰে। লাভ কৰা পদকৰ ভিতৰত ৯ টা স্বর্ণ, ১১ টা ৰূপ আৰু ১১ টা ব্ৰঞ্জৰ পদক আছে। এই সফলতাক লৈ বিশ্বনাথৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই প্রশিক্ষক সমন্বিতে প্রতিগৰাকী খেলুৱৈক অভিনন্দন জ্ঞাপন কৰাৰ লগতে নিৰলস সাধনা আৰু প্ৰচেষ্টা অব্যাহত ৰাখিলে ভৱিষ্যতে তেওঁলোকে আন্তর্জাতিক পর্যায়ত সুযোগ লাভৰ কৰাৰ সম্ভাৱনা আছে বুলি আশা প্রকাশ কৰিছে।