ধেমাজি জিলা বিজেপিৰ মহিলা মৰ্চাৰ কাৰ্যনিবাহক সভাখনি আজি পশ্চিম ধেমাজি মণ্ডলৰ বাটঘৰীয়া ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৷ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী তথা মাছখোৱা জিলা পৰিষদৰ সদস্যা বৰ্নালী বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা বিজেপিৰ সভাপতি প্ৰেম দত্তই বিজেপি দলৰ অন্যতম শক্তি মহিলা মৰ্চাৰ সাংগঠনিক দিশৰ বিষয়ে অৱগত কৰি চৰকাৰে মহিলা সৱলীকৰণৰ বাবে লোৱা পদক্ষেপ তথা আঁচনিৰ বিষয়ে বক্তব্য ৰাখে ৷ পুৱা দলীয় পতাকা উত্তোলনেৰে আৰম্ভ হোৱা কাৰ্যসূচীত সভাৰ আৰম্ভণিতে পশ্চিম ধেমাজি মণ্ডলৰ সভানেত্ৰী অনিমা বৰশইকীয়া দিহিঙীয়াই আদৰণি ভাষন আগবঢ়োৱাৰ পাচতে মৰ্চাৰ অন্তগৰ্ত ১২ টা মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰীসকলে নিজ নিজ মণ্ডলৰ প্ৰতিবেদন পাঠ কৰে ৷ জিলা মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা ক্ৰমে ৰাস্না গগৈ, নন্দিনী ডেকা, ৰুক্মিণী ডাকাল দাহালে আঁতধৰা সভাত মহিলা কাৰ্যকতাৰ মাজত বিয়ানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ জিলা মহিলা মৰ্চাৰ প্ৰভাৰী স্বৰ্ণলতা দেউৰী, সহ প্ৰভাৰী ৰূপা চেতিয়া, ৰাজ্যিক মহিলা মৰ্চাৰ প্ৰশিক্ষণ কোষৰ আহ্বায়িকা নিবেদিতা দাস দেউৰী, কাৰ্যনিবাহক সদস্যাদ্বয় ৰঞ্জনা দত্ত আৰু পুস্পাঞ্জলি চেতিয়া বৰগোহাঁই উপস্থিত থকা সভাত ৰাজনৈতিক প্ৰস্তাৱ পাঠ কৰি সাধাৰণ সম্পাদিকা ৰাস্না গগৈয়ে অসম-অৰুনাচল সীমান্তৰ ধেমাজি জিলাৰ সীমা বিবাদ নিস্পত্তি কৰা বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰা প্ৰতিবেদনত অসম ৰাজ্যিক জীৱিকা অভিযানৰ অধীনত সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত বেংক সখী, বীমা সখী আৰু জীৱিকা সখীলৈ আগবঢ়োৱা ৬৬৭০ খন দুচকীয়া বাহনৰ ভিতৰত ধেমাজি জিলাৰ ৩৩৫ গৰাকীয়ে লাভ কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વીજપડી માં ભારતીય જનતા ના ઉમેદવાર મહેશ કસવાલા નુ જાહેર સભા //MAHESH KASVALA//VIJAPADI MITING
વીજપડી માં ભારતીય જનતા ના ઉમેદવાર મહેશ કસવાલા નુ જાહેર સભા //MAHESH KASVALA//VIJAPADI MITING
સેન્ટર ઓફ એક્સેલેન્સ ફોર ડેટપામ ખાતે સ્વરોજગારલક્ષી નિવાસી કૌશલ્ય વર્ધન તાલીમ સંપન્ન
ભુજ, મંગળવાર
ગુજરાત રાજ્યના બાગાયત વિભાગના...
ગુજરાત : બોટાદ જિલ્લામાં ‘રઈસ’ની 40 રૂપિયાની ‘પોટલી’એ લીધા 55 લોકોના જીવ, પાણીને બનાવ્યું ઝેરી દારૂ
ગુજરાતના બોટાદ જિલ્લામાં નકલી દારૂના સેવનથી મૃત્યુઆંક વધીને 37 થયો છે. આ સિવાય 70 અન્ય લોકો...
Rekha Tingre | राष्ट्रवादीच्या माजी नगरसेविका रेखा टिंगरे भाजपात-Tv9
Rekha Tingre | राष्ट्रवादीच्या माजी नगरसेविका रेखा टिंगरे भाजपात-Tv9
चंद्रबाबू नायडू ने ली मुख्यमंत्री पद की शपथ,पीएम मोदी के पांव छूने झुके तो गले लगाया
चंद्रबाबू नायडू जैसे ही शपथ लेने के बाद पोडियम से उतरे तो वो सबसे पहले पीएम मोदी के पास पहुंचे....