মুক্তিতো নিস্পৃহ যিটো সেহি ভকতক নমো
ৰসময় মাগোহো ভকতি।
সমস্ত মস্তক মণি নিজ ভকতৰ বশ্য
ভজো হেন দেৱ যদুপতি।।
মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ আজি পৱিত্ৰ তিৰোভাৱ তিথি উপলক্ষে কাকডোঙা বেজগাঁও নামঘত ত সমূহ গাওঁবাসীয়ে মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উৰ্যাপন কৰে ৷ অসমৰ বিভিন্ন প্ৰান্তৰ দৰে বেজগাঁও নামঘৰত পবিত্ৰ ভাদ মাহ উপলক্ষে মাহজোৰা নাম-প্ৰসঙ্গ,কীৰ্ত্তণ-ঘোষা পাঠ,ভাগৱত পাঠ,সংকীৰ্তন,গায়ন-বায়ন আদি অনুষ্ঠান অনুষ্ঠিত হৈছে । লগতে কাকদোঙা বেজগাঁও নামঘৰ ভাগৰ ৰজত জয়ন্তী বৰ্ষ । ৰজত জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি গাওঁবাসীয়ে এভাগি স্মৃতিগন্থৰ প্ৰকাশৰ দিহা কৰিছে ।
মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে নামঘৰত গাওঁৰ কন কন ছাত্ৰছাত্ৰী মাজত ৰচনা প্ৰতিযোগিতা লগতে প্ৰাৰ্থনা প্ৰতিযোগিতা আয়োজন কৰা হৈছে । গাওঁবাসীয়ে বিশ্ব শান্তিৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই । খেল গোটৰ সভাপতি ৰূপেশ্বৰ শইকীয়া আৰু সম্পাদক বিষ্ণু শইকীয়া লগতে গাওঁ বাসী উপস্থিত থাকে ।