ঢকুৱাখনাত অসম ভিত্তিত বৃহৎ ভলিবল খেল আয়োজন।

ঢকুৱাখনাৰ ভলিবল খেলুৱৈৰ তথা উদযাপন সমিতিৰ ব্যাপক প্ৰস্ততি

ভলিবলত ঢকুৱাখনাক আৰু এখোজ আগুৱাই নিয়াৰ প্ৰচেষ্টাৰে ঢকুৱাখনাত আয়োজন কৰা হৈছে এখন বৃহৎ ভলিবল খেলৰ প্ৰতিযোগিতা।দৈয়াং সন্মিলিত যুৱ মঞ্চৰ উদ্যোগত অনুষ্ঠিত হব লগা দিব নৈশ প্ৰতিযোগিতাখন চলিত মাহৰ ২৪ছেপ্টেম্বৰত ঢকুৱাখনাৰ ঘটাপৰা মজলীয়া বিদ্যালয়ৰ খেল পথাৰত প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে।

অসমৰ ভিন্ন প্ৰান্তৰ পৰা ভলীবল খেলুৱৈৰ দল সমূহে অংশগ্ৰহণ কৰিব লগীয়া এই প্ৰতিযোগিতা খনৰ প্ৰথম পুৰস্কাৰ ৫০,০০১টকা আৰু দ্বিতীয় পুৰস্কাৰ ৩০,০০১টকা ।প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈজনক ৫০০১টকাৰে বিশেষভাবে সন্মানিত কৰা হব।