সৌন্দৰ্য প্ৰতিযোগিতাত সোণাৰিৰ যুৱকৰ সফলতা
বিশেষ সংগঠক বিদ্যুত দেৱনাথৰ উদ্যোগত গুৱাহাটীৰ আৰোহন ভৱনত অসম ভিত্তিত ডি চি প্ৰডাকচনৰ আমাৰ প্ৰতিভা ২০২২ শীৰ্ষক সৌন্দৰ্য্য প্ৰতিযোগিতাৰ অনুষ্ঠান অনুষ্ঠিত হয় । সৌন্দৰ্য্য চৰ্চাৰ লগতে বিভিন্ন শিতানত অনুষ্ঠিত হয় নৃত্য গীতৰ প্ৰতিযোগিতাও । এই সৌন্দৰ্য্য প্ৰতিযোগিতাত মিষ্টাৰ এণ্ড মিচেচ শিতানত প্ৰায় ৫০ জনৰো অধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে । এই ৫০ গৰাকী প্ৰতিযোগিৰ ভিতৰত চৰাইদেউ জিলাৰ সোণাৰি টাওকাক বাগিচাৰ ধীৰেণ নায়ক আৰু ৰীণা নায়কৰ পুত্ৰ দ্বীপজ্যোতি নায়কে অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰি সোণাৰি লৈ গৌৰৱ কঢ়িয়াই আনে । দ্বীপ জ্যোতি নায়ক সোণাৰি দিব্যলতা একাডেমিৰ দ্বাদশ শ্ৰেণীৰ ছাত্র । দ্বীপজ্যোতি নায়কে বহু কষ্টৰ বিনিময়ত এই স্থান দখল কৰি এটি ট্ৰফি , চাৰ্টিফিকেট আৰু ডি চি প্ৰডাকচনলৈ অভিনয় কৰিবলৈ সুবিধা লাভ কৰিছে। এই ক্ষেত্ৰত সোণাৰি বাসী ৰাইজে দ্বীপজ্যোতি নায়কক অভিনন্দন জ্ঞাপন কৰা পৰিলক্ষিত হয়
বাইট: দিপজ্যোতি না
মৃদুল নিবিড় বৰগোঁহাই চৰাইদেউ।য়ক ।