কহুৱা ফুলে শৰৎ অহাৰ বাতৰি পাই মনোমোহা হৈ পৰিছে লখিমপুৰ জিলাৰ চৌদিশ ।সমান্তৰাল ভাৱে লখিমপুৰত পূজাৰ আগমণক লৈ নটৰাজ শিল্পায় আৰু মিলন শিল্পায়ত বিশ্বকৰ্মাৰ মৃন্ময় মূৰ্তি নিৰ্মাণত ব্যস্ত মৃৎ শিল্পীসকল।নিয়ৰে মলচা বাটেৰে আহিছে শাৰদীৰাণী। উদ্ভাসিত হৈছে শৰতৰ বিমল বিনন্দিয়া ৰূপ। কহুৱা ফুলে শৰৎ অহাৰ বাতৰি পাই মনোমোহা হৈ পৰিছে লখিমপুৰ জিলাৰ চৌদিশ।লখিমপুৰ জিলাৰ ঢকুৱাখনাত এক বিস্তৃৰ্ণ এলেকা জুৰি ফুলি উঠিছে কঁহুৱা ফুল। লগতে নৈৰ পাৰৰ কঁহুৱাৰ লয়লাস নাচোনে আনিছে উৎসৱৰ বতৰা।
সমান্তৰাল বাবে ব্যস্ত হৈ পৰিছে বিশ্বকৰ্মাৰ মৃন্ময় মূৰ্তি নিৰ্মাণত ব্যস্ত নটৰাজ শিল্পায় আৰু মিলন শিল্পায়ৰ মৃৎ শিল্পীসকল। মৃৎ শিল্পীসকলে জানিবলৈ দিয়া অনুসৰি যোৱাবাৰ কৰুণা ভাইৰাছৰ বাবে বহুত লোকচান হৈছিল।৫০বছৰ হোৱা এই মিলন শিল্পায়ৰ পৰাই পূজাৰ বাবে মূৰ্তি আনে জনসাধাৰন।
 
  
  
  
  
   
   
   
  