এখনো তামোল নোখোৱাকৈ চাকৰি দিম বুলি কোৱা মূখ্য মন্ত্রী ৰ কথাবোৰ প্ৰহসন মাথো। ৰাজ্যৰ মেধাবী প্ৰাৰ্থীৰ গভীৰ শ্ৰমৰ বিনিময়ত এইয়া উপহাস।নিকা হোৱা নাই লখিমপুৰত মেডিকেল কলেজৰ নিযুক্তি প্ৰক্ৰিয়া। লখিমপুৰ লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া। 

 ভিক্টৰ দাসৰ প্ৰসংগই ৰাজ্য তোলপাৰ লগাই থকাৰ সময়তে মঙলবাৰে নিশা ঘোষণা কৰা লখিমপুৰ মেডিকেল কলেজ ৰ তৃতীয় আৰু চতুর্থ বৰ্গৰ বাছনি পৰীক্ষা ৰ ফলাফলে পুনৰ আলোড়নৰ সৃষ্টি কৰিছে। 

আইনুল হক নামৰ নগাঁৱৰ এজন প্ৰাৰ্থী য়ে উকা বহী জমা দিয়া এজন প্ৰাৰ্থী উতীৰ্ণ হোৱা বুলি সামাজিক মাধ্যম তথা সংবাদ মাধ্যমত প্ৰকাশ কৰাৰ লগে লগে নিযুক্তি ৰ স্বচ্ছতা ক লৈ প্ৰশ্ন উঠিছে। বিভিন্ন দল সংগঠনে এই বাছনি ক্ৰটিপুৰ্ণ বুলি দাবী জনাইছে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে লখিমপুৰ ত মুকলিকৈ এই পৰীক্ষা ৰ ফলাফল আসোৱাহ পুৰ্ণ বুলি উল্লেখ কৰি মন্ত্রী আমোলাৰ অঙহী বঙহীৰ নাম আগতেই নিৰ্দিষ্ট কৰা বুলি অভিযোগ তোলে। 

আন হাতে ৰাইজৰ দলৰ জাতীয় যুৱ বাহিনীৰ সম্পাদক নিৰ্মল পায়েঙেও এই বাছনি প্ৰক্ৰিয়া ত আসোবাহ থকাৰ কথা উল্লেখ কৰি এক তদন্ত ৰ দাবী জনায়। 

বাছনি প্ৰক্ৰিয়াত তীব্র অসন্তুষ্টি প্ৰকাশ কৰে একাংশ প্ৰাৰ্থীয়েও।

লখিমপুৰ মেডিকেল কলেজত ১০/১২বছৰ ধৰি তৃতীয় আৰু চতুর্থ বৰ্গত খাটি থকা ৬২ গৰাকী প্ৰাৰ্থী য়ে পৰীক্ষাত অৱৰ্তীৰ্ণ হৈছিল যদিও তেওলোকৰ কোনো নিৰ্বাচিত নহল। তেওঁলোকেও এই ফলাফল নিকা নহয় বুলি ক্ষোভ প্রকাশ কৰি ইতিমধ্যে জিলাৰ উপায়ুক্তক আবেদন দাখিল কৰিছে।