দৈগ্ৰোংত অসম সাহিত্য সভাৰ অধীনৰ দৈগ্ৰোং শাখা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়

অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ অধীনৰ দৈগ্ৰোং শাখা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভাৰ লগতে বাৰ্ষিক সাধাৰণ সভা বুধবাৰে দৈগ্ৰোং শাখা সাহিত্য সভাৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয় ৷ সভাত আগন্তুক ২০২২ - ২৩ বৰ্ষৰ কাৰ্যকালৰ বাবে সভাপতি / সম্পাদক আৰু সদস্য সকলক লৈ কেনেদৰে কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হব সেই বিষয়ত আলোচনা কৰা হয় ৷ ইয়াৰোপৰি দৈগ্ৰোং শাখা সাহিত্য সভাৰ দ্বাৰা প্ৰতি বৰ্ষত বিভিন্ন শিতানত প্ৰচলিত বঁটা সমূহ প্ৰদান সম্পৰ্কে আলোচনা কৰে ৷ দৈগ্ৰোঙৰ প্ৰতিভাধৰ যুৱক তথা সাহিত্য একাডেমিৰ যুৱ বঁটাৰ বাবে নিৰ্বাচিত প্ৰদুম্ন্য কুমাৰ গগৈক অহা দুৰ্গাপূজাৰ ষষ্ঠীত বিশেষ সন্মান জনোৱাৰ বাবে সভাই সিদ্ধান্ত গ্ৰহণ কৰে ৷