লণ্ডনত উদযাপন হল শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি

ইউ.কে. সাহিত্যসভাৰ উদ্যোগত ৫৭৪তম শংকৰ জয়ন্তী লণ্ডনৰ কিংছ লেংলি কমিউনিটি চেণ্টাৰত অনুস্থিত

জগৎগুৰু শংকৰদেৱৰ ৫৭৪সংখ্যক আৰ্ৱিভাৱ মহোৎসৱ সমগ্ৰ অসমৰ লগতে লণ্ডনৰ প্ৰবাসী অসমীয়াসকলে উদ্‌যাপন কৰে।নামপ্ৰসংগ,গীত-মাতেৰে ইংৰাজৰ দেশত মহাপুৰুষ জনক স্মৰণ কৰে লণ্ডনৰ প্ৰবাসী অসমীয়াসকলে।অনুষ্ঠানৰ আৰম্ভণিতে বৰগীত আৰু কথাৰে অনুষ্ঠানৰ উদ্বোধন কৰে UKসাহিত্য সভাৰ সভাপতি মঞ্জিৰা চৌধুৰী

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ বিশিষ্ট কণ্ঠশিল্পী জীনা ৰাজকুমাৰী আৰু তেওঁৰ শিষ্যা অঞ্চিতা মহন্ত,অনুস্মিতা মহন্ত।জীনা ৰাজকুকমাৰীৰ কণ্ঠৰ বৰগীত আৰু লোকগীতে চাহাবৰ দেশৰ অসমীয়াসকল নষ্টালজিক হৈ পৰে।সাংস্কৃতিক বিভাগৰ সম্পাদিকা গীতোৎপলা বৰদলৈ আৰু অনিমা শৰ্মাই অনুষ্ঠান,উপসভাপতি গীতা বৰাৰ আদৰণি ভাষণেৰে অনুষ্ঠানটি আৰম্ভ হয়।জীনা ৰাজকুমাৰীৰ গীতৰ উপৰিও ISHAN SHARMAৰ কবিতা আবৃত্তি,URVEE SHARMAৰ DEBOTIONAL SONG,ANNESHA DUTTAৰ কবিতা,বৰনীতা দত্তৰ গীত,RISHI CHOUDHURYৰ তবলা বাদন,বনশ্ৰী মেধি আৰু নিৰলা বৰুৱাৰ বক্তৃতা,মেঘালি বৰাৰ গীত,বহনা শইকীয়াৰ সত্ৰীয়া নৃত্য আদি অনুষ্ঠান অনুস্থিত হয়।