💢বুম ছুপাৰছনিক: প্ৰতি ঘণ্টাত ২১০০ কিলোমিটাৰ গতি! সাড়ে তিনি ঘণ্টাৰ পিছত লণ্ডনৰ পৰা নিউয়ৰ্কলৈ উৰা মাৰিব বুম ছুপাৰছনিক

◾লণ্ডন আৰু নিউয়ৰ্কৰ মাজৰ বিমান দূৰত্ব ৫৫৫৯ কিলোমিটাৰ। বৰ্তমান এই দূৰত্ব অতিক্ৰম কৰিবলৈ সাতৰ পৰা সাৰে সাত ঘণ্টা সময় লাগে। কিন্তু যদি লণ্ডনৰ পৰা নিউয়ৰ্ক বিমানবন্দৰলৈ অহাৰ সময় আধালৈ হ্ৰাস কৰা হয়? বুম ছুপাৰছনিক কোম্পানীয়ে এই কাম কৰিছে।

◾এই কোম্পানীয়ে এনে এখন বিমান ডিজাইন কৰিছে যিয়ে মাত্ৰ সাৰে তিনি ঘণ্টাৰ ভিতৰতে ব্ৰিটেইনৰ পৰা পোনপটীয়াকৈ আমেৰিকালৈ যাত্ৰীক লৈ যাব।

◾এই বিমানখনক সংস্থাটোৱে ‘অভাৰচাৰ’ নামেৰে নামাকৰণ কৰিছে। এই বিমানখনে গতিৰ ক্ষেত্ৰত বিশ্বৰ আটাইতকৈ দ্ৰুততম বিমান ‘৭৪৭’, ‘কনকৰ্ড’ক অতিক্ৰম কৰিছে।

◾বুম ছুপাৰছনিক কোম্পানীটোৰ কৰ্মচাৰীসকলে ধেমালিতে ক’লে, “যদি কনকৰ্ড আৰু ৭৪৭ বিমান দুখনৰ সন্তান হ’লহেঁতেন তেন্তে সেয়া হ’লহেঁতেন অভাৰচাৰ।”

◾স্থলভাগত অভাৰচাৰৰ স্বাভাৱিক গতিবেগ ২,০৯২ কিলোমিটাৰ প্ৰতি ঘণ্টা, কিন্তু পানীত ই ঘণ্টাত ১,২৩৯ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে।

◾বুম ছুপাৰছ’নিকৰ দাবী যে বিমানখনৰ মুঠ ৫১টা ডিজাইন সলনি কৰাৰ পিছত ২ কোটি ৬০ লাখ ঘণ্টা চিমুলেচন টেষ্টিং আৰু পাঁচটা বতাহৰ সুৰংগ পৰীক্ষা কৰা হৈছে।

◾২০২৬ চনৰ পৰা আৰম্ভ হ’ব এই বিমান উৰণৰ প্ৰক্ৰিয়া। ২০২৯ চনত অভাৰচাৰে প্ৰথম যাত্ৰীৰ সৈতে উৰণ আৰম্ভ কৰিব - এনেকুৱাই কোম্পানীটোৰ পৰিকল্পনা।

◾৬০ৰ পৰা ৮০জন যাত্ৰী লৈ এই বিমানখনে ৬০ হাজাৰ ফুট পৰ্যন্ত উৰিব পাৰে।

◾BOOM এ নৰ্থৰপ গ্ৰুমেনৰ সৈতে ‘স্পেচিয়েল মিছন ভেৰিয়েণ্ট’ প্ৰস্তুত কৰাৰ বাবে অংশীদাৰিত্ব চুক্তি ঘোষণা কৰিছে। বুম ছুপাৰছনিকৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া ব্লেক স্কালে কয় যে বিমান পৰিবহণৰ জগতখনে দশক দশক ধৰি ইমান বৃহৎ জাঁপ আগবাঢ়ি যোৱা নাই। আমাৰ দূৰত্বৰ ধাৰণাবোৰে অভাৰচাৰ সলনি কৰিব।''

◾মুঠ চাৰিটা ইঞ্জিন থকা এই বিমানখনত শব্দ প্ৰদূষণ ৰোধ কৰিব পৰাকৈ এটা স্বয়ংক্ৰিয় ব্যৱস্থা আছে। কোম্পানীটোৰ দাবী, গতি আৰু সুৰক্ষাৰ ভিত্তিত বিচাৰ কৰিলে এই বিমানখন বিশ্বৰ ভিতৰতে আটাইতকৈ দ্ৰুততম বিমান হ’বলৈ গৈ আছে।

◾ফাৰ্নব’ৰ আন্তঃৰাষ্ট্ৰীয় বিমান প্ৰদৰ্শনীত উন্মোচন কৰা হয় অভাৰচাৰ বিমানৰ ডিজাইন। বুম ছুপাৰছ’নিকৰ মতে, এই বিমানখন অৰ্থনৈতিক আৰু পৰিৱেশগতভাৱে সুস্থ ছুপাৰছ’নিক বিমান।