আজি শিৱসাগৰ নগৰত "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্য্যসূচী পালন কৰাৰ লক্ষ্যৰে গঠন কৰা দুটা ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰৰ শুভ উদ্ধোধন কৰে সাংসদ তপন কুমাৰ গগৈয়ে। উল্লেখ্য যে, পতাকাসমূহ NULM আৰু NRLM আত্মসহায়ক গোটৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে।

ইয়াৰ লগতে অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আৰু শিৱসাগৰ পৌৰসভাৰ সৌজন্যত অনুষ্ঠিত হোৱা "হৰ ঘৰ ত্ৰিৰংগা" উদযাপনৰ সজাগতা যাত্ৰাৰ উদ্ধোধন কৰে সাংসদ গগৈয়ে।