টাই আহোম যুৱ পৰিষদ, অসমৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰাণাৰঞ্জন গগৈক আজিৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ সংগঠনটোৰ পৰা বহিষ্কাৰ কৰিছে৷ বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃত্তি যোগে ‘টাইপা’ৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰ, কাৰ্যকৰী সভাপতি অনন্ত ফুকন আৰু সাধাৰণ সম্পাদক ৰুদ্ৰ সাগৰ বুঢ়াগোহাঁয়ে এই কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে৷ উল্লেখ্য যে, ৰাণাৰঞ্জন গগৈৰ বিৰুদ্ধে অসাংবিধানিক কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ ইতিপূৰ্বে  উত্থাপন হৈছিল৷ ফলত যোৱা ৩ জুলাইৰ পৰা তেখেতক বাধ্যতামূলক অব্যাহতি দিয়া হৈছিল৷ কিন্তু ৰাণাৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সত্যতা প্ৰমাণিত হোৱাত কৰ্ণধাৰ সমিতিৰ বৈঠকে ‘টাইপা’ৰ প্ৰাথমিক সদস্য পদৰ পৰা আজি বহিষ্কাৰ কৰে৷